জনসাধাৰণৰ অসুবিধাৰ প্রতি লক্ষ্য ৰাখি পুৰণি ৫০০ আৰু ১০০০ টকীয়া নোট অত্যাৱশ্যকীয় সেৱাত কর্তৃপক্ষই গ্রহণ কৰিব। ১১ নৱেম্বৰৰ নিশাৰ পৰা পুৰণি নোট গ্রহণ কৰাটাে বন্ধ কৰা হৈছিল যদিও এই অত্যাৱশ্যকীয় সেৱাৰ কর্তৃপক্ষই গ্রাহকৰ পৰা অহা ৭২ ঘণ্টা অর্থাৎ ১৪ নৱেম্বৰৰ নিশালৈকে পুৰণি নােটকে গ্রহণ কৰিব লাগিব বুলি কেন্দ্রীয় চৰকাৰে ঘোষণা কৰিছে।এই সুবিধা গ্ৰাহকসকলক প্রদান কৰা বুলি আজি কেন্দ্রীয় চৰকাৰে ঘোষণা কৰিছে। যোৱা ৮ নৱেম্বৰত ৫০০ আৰু ১০০০ টকীয়া নোটৰ প্ৰচলন কেন্দ্রীয় চৰকাৰে নিষিদ্ধ কৰাৰ পাছত চৰকাৰী হাস্পতাল, ৰে’লৰ টিকট, ৰাজহুৱা পৰিবহণ, বিমানৰ টিকট, চৰকাৰী পঞ্জীয়নভুক্ত গাখীৰৰ দােকান, সমাধিস্থল আৰু পেট্ৰ’ল পাম্পত ৭২ ঘণ্টা অর্থাৎ ১১ নৱেম্বৰৰ নিশালৈকে পুৰণি নোট ব্যৱহাৰ কৰিব পাৰিব বুলি নির্দেশনা দিছিল। কালি পুনৰ উক্ত সুবিধাসমূহৰ পাছত নতুনকৈ চৰকাৰী আৰু ব্যক্তিগত ফার্মাচী, এল পি জি চিলিণ্ডাৰ, বিদ্যুৎ আৰু পানীৰ বিল আদি প্ৰদানৰ ক্ষেত্ৰত পুৰণি ৫০০ আৰু ১০০০ টকীয়া নােট অহা ৭২ ঘণ্টালৈ গ্রাহকে প্রদান কৰিব পাৰিব।
অত্যাৱশ্যকীয় সেৱাত ১৪ নৱেম্বৰলৈ চলিব পুৰণি ৫০০ আৰু ১০০০ টকীয়া নােট::গ্রাহকলৈ সকাহ

0 comments:
Post a Comment