ফিফা ১৭ বছৰ অনুৰ্ধৰ্ব্ব বিশ্বকাপৰ অন্যতম ভেনু হিচাপে গুৱাহাটীয়ে স্বীকৃতি লাভ কৰিলে। আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ সর্বোচ্চ সংস্থা ফিফাৰ এটা ২৩জনীয়া প্রতিনিধি দলে চূড়ান্ত পর্যবেক্ষণৰ অন্তত কালি গুৱাহাটীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিকছু ষ্টেডিয়ামক অহা বৰ্ষৰ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া মেগা ইভেণ্টখনৰ পঞ্চমটাে ভেনু হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। টুর্নামেন্ট ডাইৰেক্টৰ জেভিয়েৰ ছেল্পীয়ে ষ্টেডিয়াম প্রেক্ষাগৃহত কালি অনুষ্ঠিত সংবাদ মেলত কয় যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নেতৃত্বত গঠিত ৰাজ্যৰ নতুন চৰকাৰখনৰ সদিচ্ছা আৰু উপযুক্ত সহযোগিতাৰ বাবেই সৰু সজাই ষ্টেডিয়ামখন সম্প্রতি আন্তঃৰাষ্ট্ৰীয় পর্যায়ৰ হৈ উঠিছে। “ভাৰতত ১৭ বছৰ অনুর্ধর্ব বিশ্বকাপ অনুষ্ঠিত হােৱাটাে দেশখনৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে কিমান গুৰুত্বপূর্ণ, সেয়া নৱগঠিত ৰাজ্য চৰকাৰখনে ভালকৈ উপলব্ধি কৰিছে। বিগত ৪৫ দিনত তেওঁলোকে ষ্টেডিয়ামৰ আন্তঃগাঁথনি উন্নত কৰিবলৈ যি ক্ষিপ্ৰতাৰে কাম কৰিছে, সেয়া সচাকৈয়ে প্রশংসনীয়। আমি আশা কৰোঁ যে অসমৰ মুখ্যমন্ত্রীয়ে ৰাজ্যখনক দেশৰ ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ় দিবলৈ যুগুত কৰা পৰিকল্পনা বাস্তৱায়িত হােৱাৰ ক্ষেত্ৰত ১৭ বছৰ অনুধর্ব বিশ্বকাপ ফুটবল গুৰুত্বপূর্ণ বিবেচিত হ’ব।” —ছেল্পীয়ে এইদৰে কয়। গুৱাহাটীক প্রতিযোগিতাখনৰ ভেনু্য হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰত আৰম্ভণিতে কিছু সন্দেহ আছিল বুলি স্বীকাৰ কৰি টুর্নামেণ্ট ডাইৰেক্টৰগৰাকীয়ে কয় যে সম্প্রতি সৰুসজাই ষ্টেডিয়ামখন দেশৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ হিচাপে গঢ়ি উঠিছে। ইফালে, ১৭ বছৰ অনুৰ্ধৰ্ব্ব বিশ্বকাপৰ ইভেণ্ট মেনেজাৰ মেৰিঅ'ন মায়েৰ ভাৰফেল্ডৰে ফুটবলৰ প্ৰতি উত্তৰ-পূৰ্বাঞ্চলবাসীৰ তীব্র অনুৰাগ অতুলনীয় বুলি উল্লেখ কৰে। শেহতীয়াকৈ আই এছ এলৰ মেচত ৩০ হাজাৰৰাে অধিক দর্শকেৰে ষ্টেডিয়ামখন ভৰি পৰাটাে অতি ইতিবাচক দিশ বুলি প্রকাশ কৰি তেওঁ কয় যে বিশ্বকাপৰ বাবে সৰু সজাই ক্টেডিয়ামত চলি থকা উন্নীতকৰণৰ কাম প্রত্যক্ষ কৰি তেওঁলোক অত্যন্ত সূখী। সংবাদ মেলত অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে উপস্থিত থকা ক্রীড়া আয়ুক্ত অজয় তিৱাৰীয়ে আজিৰ দিনটােক ৰাজ্যবাসীৰ বাবে এটা ঐতিহাসিক দিন বুলি আখ্যা দিয়ে। ফিফা ১৭ বছৰ অনুর্ধর্ব বিশ্বকাপৰ দৰে মেগা ইভেণ্ট আয়োজন ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ সামগ্রিক উন্নয়নৰ ক্ষেত্ৰত মাইলৰ খুটি হিচাপে পৰিগণিত হ’ব আৰু ইয়ে ৰাজ্যৰ যুৱ ফুটবলাৰসকলক অনুপ্রাণিত কৰিব বুলি তেওঁ আশা কৰে।
Home / বিশ্বকাপৰ মেচ
/ ৰাজ্যবাসীলৈ সুখবৰ ! গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়ামত হ’ব ১৭ বছৰ অনুৰ্ধৰ্ব্ব বিশ্বকাপৰ মেচ
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment