মণিপুৰৰ ৰাজনীতিৰ বতাহ সমাগত বিধানসভা নির্বাচনক কেন্দ্ৰ কৰি উত্তপ্ত হৈ থকাৰ সময়তে কালি উগ্রপন্থীৰ এক ভয়াৱহ ‘এম্বুছ’ৰ সন্মুখীন হ’ল চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্রী অ'ক্রাম ইববী সিং। এখন চৰকাৰী চিকিৎসালয়কে ধৰি কেতবোৰউন্নয়ন মূলক প্রকল্প উদ্বোধনৰ উদ্দেশ্যে উখৰুল জিলাৰ বক্সি হেলিপেডত মুখ্যমন্ত্রী সিঙক কঢ়িয়াই নিয়া হেলিকপ্টাৰখন অৱতৰণ কৰাৰ লগে লগে ধাৰাসাৰ গুলীবর্ষণ কৰে তিনিজনীয়া উগ্ৰপন্থীৰ দলে। একেখন হেলিকপ্টাৰত মুখ্যমন্ত্রী সিঙৰ উপৰি ৰাজ্যখনৰ উপ-মুখ্যমন্ত্রী গাইখানগামসহ তিনিজন মন্ত্রী আৰু দুজনকৈ বিধায়ক আছিল। অৱশ্যে পুৱা প্রায় ৯.৩০ বজাত সংঘটিত ঘটনাটােত ইয়াৰে আটাইকেইজনৰে কথমপি প্ৰাণৰক্ষা পৰে। মণিপুৰ আৰক্ষীৰ শীৰ্ষস্থানীয় সূত্রই সংবাদ প্রতিষ্ঠানৰ আগত সদৰী কৰা মতে, মুখ্যমন্ত্রী সিঙক লক্ষ্য হিচাপে লৈ এই আক্রমণ সংঘটিত কৰিছিল উগ্ৰপন্থী সংগঠন এন এছ চি এন (আই-এম)-এ। কিন্তু মুখ্যমন্ত্রীৰ নিৰাপত্তাৰ দায়িত্বত থকা জোৱানে তৎমুহূর্ততে গুলীৰে প্ৰত্যুত্তৰ দিয়াত পলাই সাৰে তিনিজনীয়া আক্রমণকাৰী দলটাে। দুয়োপক্ষৰ মাজত প্রায় ১০ ধৰি অব্যাহত থকা তুমুল সংঘৰ্ষত উইলিয়াম টাৰাও নামৰ ৬নং মণিপুৰ ৰাইফলছৰ এজন জোৱান আহত হােৱা বুলি সূত্ৰটােত প্রকাশ। উল্লেখ্য যে ৰাজধানী নগৰ ইম্ফলৰ পৰা মুখ্যমন্ত্রী সিঙে হেলিকপ্টাৰযোগে উখৰুললৈ গৈছিল। হেলিপেডিতে উগ্ৰপন্থীৰ অনাকাংক্ষিত আক্ৰমণৰ পাছত মুখ্যমন্ত্রী সিঙে উখৰুল জিলাৰে হুনফুন আৰু ছিনগাই নামৰ গাঁও দুখনলৈ গৈ পূর্বনির্ধাৰিত চৰকাৰী কাৰ্যসূচীত অংশগ্রহণ কৰিব বিচাৰিছিল যদিও স্থানীয় প্রতিবাদী ৰাইজে তেওঁৰ হেলিকপ্টাৰ তাত নামিবলৈকে নিদিলে। ইয়াৰ মূলতে উখৰুল জিলাত বিগত দীর্ঘদিন ধৰি ইববী সিং প্রশাসনৰ বিৰুদ্ধে চলি থকা প্রতিবাদে আজি উগ্ৰ ৰূপ ধাৰণ কৰে। প্রতিবাদী লোকসকলে দুখন গাড়ীও ৰাজপথত জুলাই দিয়ে। মুখ্যমন্ত্রীগৰাকীয়ে এই অভাৱনীয় ঘটনাৰ সন্মুখীন হৈ ইম্ফললৈ ঘূৰি আহিয়েই এখন জৰুৰী কেবিনেট বৈঠক অনুষ্ঠিত কৰে। জানিব পৰা মতে, এই কেবিনেট বৈঠকে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্রণলৈ অনাৰ বাবে সামৰিক আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰাৰ সিদ্ধান্ত গ্রহণ কৰে।
Home / অশান্ত মণিপুৰ
/ অশান্ত মণিপুৰ:: মুখ্যমন্ত্রীৰ হেলিকপ্টাৰত উগ্রপন্থীৰ ভয়াৱহ এম্বুছ :কথমপি ৰক্ষা
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment