সাংবাদিকক গৃহবন্দী কৰিলে পাকিস্তান চৰকাৰে::সংঘাতৰ বাতৰি প্ৰচাৰ কৰাটোৱেই অপৰাধ



পাকিস্তানৰ শীৰ্ষস্থানীয় সংবাদপত্র ‘দ্য ডন’ৰ এজন সাংবাদিক পাকিস্তান চৰকাৰ আৰু পাক সেনাবাহিনীৰ মাজত সৃষ্টি হােৱা সংঘাতৰ বাতৰি লিখি গৃহবন্দী হ’বলগীয়া হৈছে । এসপ্তাহ পূর্বে “দ্য ডন'ত চাইৰিল আলমেইদা নামৰ সাংবাদিকজনে নৱাজ শ্বৰীফ সংঘাত হােৱাৰ বিষয়ে বিস্তৃতভাৱে প্রকাশ কৰাৰ পিছতে তেওঁ চৰকাৰৰ ৰোষত পৰে। পাক চৰকাৰে চাইৰিলৰ বিৰুদ্ধে গুৰুতৰ পদক্ষেপ গ্রহণ কৰি তেওঁক দেশৰ পৰা বাহিৰলৈ যোৱাৰ নিষেধাজ্ঞা আৰোপ কৰিছে। চৰকাৰে চাইৰিল আলমেইদাক এগজিট কন্টু’ল লিষ্টত অন্তর্ভুক্ত কৰিছে। উল্লেখ্য, দেশদ্রোহিতা বা তেনেধৰণৰ অপৰাধত অভিযুক্ত ব্যক্তিক পাকিস্তানত এগজিট কন্ট্র’ল লিষ্টত অন্তর্ভুক্ত কৰি দোষী দেশৰ বাহিৰলৈ যাব নোৱৰাকৈ নিষেধাজ্ঞা আৰোপ কৰি গৃহবন্দী কৰা হয়। উল্লেখ্য, “দ্য ডন”ত পাক চৰকাৰ আৰু সেনাৰ মাজত আৰম্ভ হােৱা তীব্র সংঘাতৰ বাতৰি প্রকাশ হােৱাৰ লগে লগে দেশত বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি হয়। ‘দ্য ডনত প্রকাশিত বাতৰিটােৰ মতে পাক চৰকাৰে দেশৰ সেনাবাহিনীক সন্ত্রাসবাদী আৰু সন্ত্রাসবাদীৰ ঘাটিৰ বিৰুদ্ধে কার্যকৰী পদক্ষেপ গ্ৰহণৰ নির্দেশ দিছে, অন্যথা পাকিস্তান বিশ্বৰ ওচৰত এঘৰীয়া হৈ পৰিব। নৱাজ শ্বৰীফৰ এই নির্দেশৰ প্ৰতি কৰ্ণপাত নকৰাৰ বাবেই শক্তিশালী সেনাবাহিনী আৰু চৰকাৰৰ মাজত প্রবল সংঘাত সৃষ্টি হােৱা বুলি 'দ্য ডন”ত প্রকাশ। এই বাতৰি প্ৰকাশ হােৱাৰ লগে লগে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক অনুষ্ঠিত কৰে। বৈঠকত পাক প্রধান মন্ত্রী নৱাজ শ্বৰীফৰ উপৰি সেনাবাহিনীৰ প্রধান জেনেৰেল ৰহিল শ্বৰীফ, বিত্তমন্ত্রী ইছাক ডাৰ, আভ্যন্তৰীণ মন্ত্রী নিছাৰ আলী খান, পঞ্জাব প্ৰদেশৰ মুখ্য মন্ত্রী শ্বাহবাজ শ্বৰীফ, আই এছ আইৰ মুৰব্বী লেফটেনেন্ট জেনেৰেল ৰিজৱান আখতাৰ উপস্থিত থাকে। বৈঠকত সাংবাদিক চাইৰিলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ নির্দেশ দিয়ে স্বয়ং প্রধান মন্ত্রী শ্বৰীফে। বৈঠকৰ অন্তত পাকিস্তানৰ আভ্যন্তৰীণ মন্ত্রীয়ে জনায় যে এই বাতৰি মিথ্যাচাৰৰ বাহিৰে আন একো নহয়। পাক চৰকাৰ আৰু সেনাবাহিনীৰ মাজত সংঘাতৰ বাতৰি চৰকাৰ আৰু সেনাবাহিনীয়ে অস্বীকাৰ কৰিলে “দ্য ডন” সংবাদপত্র নিজৰ স্থিতিৰ পৰা আঁতৰি অহা নাই। সংবাদপত্ৰখনৰ মতে এই বাতৰি সম্পূর্ণ সত্যৰ ওপৰত প্রতিষ্ঠিত, য’ৰ পৰা আঁতৰি অহাৰ কোনো প্রশ্নই নুঠে। উল্লেখ্য, ছয় অক্টোবৰত এই বাতৰি প্ৰকাশ পাইছিল।ইপিনে চাইৰিলে চৰকাৰৰ এই পদক্ষেপত গভীৰ অসন্তুষ্টি প্রকাশ কৰিছে আৰু দেশৰ পৰা বাহিৰলৈ যোৱাৰ কোনো উদ্দেশ্য নাই বুলি মন্তব্য কৰিছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment