সন্ত্রাসবাদীক ৰেহাই দিয়া নহ'ব:: দশেৰা মহােৎসৱত মোদীৰ হুংকাৰ




সন্ত্রাসবাদ হৈছে মানৱতাৰ সকলোতকৈ ডাঙৰ শত্রু। সমাজৰ পৰা সন্ত্রাসবাদ নিমূল কৰিব লাগিব। যিসকলে সন্ত্রাসবাদীক সমর্থন দিছে বা সহায় কৰিছে তেওঁলোককো ৰেহাই দিয়া নহ’ব।”—এই মন্তব্য প্রধান মন্ত্রী নৰেন্দ্ৰ মোদীৰ। ছাৰ্জিকেল ষ্ট্ৰাইকৰ পিছত আজি সন্ধিয়া উত্তৰ প্ৰদেশৰ লক্ষৌত দশেৰা মহােৎসৱত প্ৰথমখন ৰাজহুৱা সভাত ভাষণ দি প্রধান মন্ত্রী মোদীয়ে কয় যে সমাজৰ পৰা ৰাক্ষসৰূপী দুনীতি, অনিয়ম, ভ্ৰষ্টাচাৰ দূৰ কৰিব লাগিব। উল্লেখ্য, একেখন সভাতে ভাষণ দি কেন্দ্রীয় গৃহমন্ত্রী তথা লক্ষৌৰ সাংসদ ৰাজনাথ সিঙে কয়— প্রধান মন্ত্রীয়ে সমগ্র বিশ্বতে প্রমাণ দিলে যে ভাৰত দুর্বল নহয়। ছাৰ্জিকেল ষ্ট্রাইকৰ সন্দৰ্ভত বিৰূপ মন্তব্য প্রকাশ কৰা কংগ্ৰেছৰ উপ-সভাপতি ৰাহুল গান্ধী আৰু দিল্লীৰ মুখ্য মন্ত্রী অৰবিন্দ কেজৰিৱালকো সমালোচনা কৰিলে কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য, উত্তৰ প্ৰদেশৰ আগন্তুক বিধানসভাৰ নিৰ্বাচনক লক্ষ্য কৰি আজি লক্ষ্ণৌৰ পৰম্পৰাগত দশেৰা মহােৎসৱত প্রধান মন্ত্রী নৰেন্দ্ৰ মোদী তথা কেন্দ্রীয় গৃহমন্ত্রী ৰাজনাথ সিঙে ভাষণ দিয়া পৰিলক্ষিত হ’ল। প্রধান মন্ত্রীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি প্রথমবাৰৰ বাবে এইবাৰৰ লক্ষ্মেীৰ দশেৰা মহােৎসৱত পাছ অবিহনে দৰ্শকৰ উপস্থিতিত বাধা নিষেধ আৰোপ কৰা হ’ল।




Share on Google Plus

About Unknown

0 comments:

Post a Comment