গাত শেলুৱৈ ধৰা এডাল বৃহৎ বৃক্ষত এজাক ধনেশ, শিলৰ ৰাস্তাত গাড়ীৰ শব্দ শুনিয়েই নেকি পাখি কোবাই উৰি গ’ল সিপাৰলৈ৷ এজনী ভেলেঙীয়ে মাজপথতে ৰৈ আমালৈ ৰ লাগি চাই আকৌ অহা বাটে লৰ ধৰিলে৷ শীতৰ বতৰা কঢ়িয়াই অনা ফিৰফিৰিয়া বতাহজাকৰ সৈতে হিমালয়ৰ পৰা শীতৰ আলহী হৈ অহা সৰু সৰু চৰাইৰ জাক কেইটামানে মাংডিছুৰ পাৰৰ সুমথিৰা বাগানৰ দিশে উৰা মাৰিছে৷
মাংডিছুৰ সিটো পাৰলৈ যাবলৈ পুৰণি ‘হেংগিং ব্রীজ’খনৰ কাষতে এখন নতুন পকী দলং হৈছে৷ থিম্ফুৰ সৈতে দেশখনৰ প্রতিখন সৰু-বৰ চহৰক ওচৰ চপাই অনাৰ বাবেই আন্তঃগাঁথনি উন্নীত কৰা হৈছে৷ অৱশ্যে, ৰাস্তা-ঘাট মসৃণ হৈ পৰিলেও ভূটানৰ সৰু সৰু চহৰবোৰৰ ছবি এতিয়াও সত্তৰ-আশীৰ দশকৰ অসমৰ কোনো মফচলীয় চহৰৰ ছবি যেনহে লাগেহ্ল ম’বাইল ফ’নৰ টাৱাৰে এতিয়াও বিদীর্ণ কৰিব পৰা নাই মাংডিছুৰ পাৰৰ সেউজীয়া৷ ‘টু জি’, ‘থ্রী জি’ৰ অনুপস্থিতিত কিযে মাদকতা জীৱনৰ লেহেম গতিত৷ অথচ এই মাংডিছুৰ প্রচণ্ড গতিক প্রত্যাহ্বান জনাব পৰাকৈ প্রাণৱন্ত সৰু চহৰখনৰ তৰুণ প্রজন্ম৷ মানাহ বা মাংডিছুৰ দুয়োপাৰে কঁহুৱা ফুলিছে৷ যেন দুখন কঁহুৱাৰ সাগৰ৷ সেই শুভ্রতাৰ সীমাত বিস্তীর্ণ সেউজীয়া৷ দেখাত দুয়োপাৰৰ একেখনেই ছবি, অথচ দুয়োপাৰত ভাবিব নোৱৰা বৈপৰীত্যহ্ল মঠনগুৰিত ভৰি থ’লেই এই বৈপৰীত্য চকুত পৰে৷
শত বছৰ গৰকা মানাহৰ গৰিমা বহু ম্লান পৰিল৷ পর্যটকৰ ৰম্যভূমি মানাহ, য’ত পদে পদে অনুভূত হৈছিল আৰণ্যক ৰোমাঞ্চ– সেই ৰম্যপুৰীলৈ যেন মৰিশালিৰ নিস্তব্ধতা নামি আহিল৷ কাঠৰ দলংখনত বহি হাতোৰা চেলেকি থকা ঢেকীয়াপতীয়া, ‘ডিয়েৰ ফিল্ড’ৰ উলূম’ৰাকেইটা, বাঁহবাৰীৰ পৰা মঠনগুৰিলৈ অহা বাটত ৰৈ থকা দঁতালটো, নদীৰ পানীত গা জুৰ পেলোৱা ম’হৰ জাক, দুপৰৰ নির্জনতা ভেদ কৰি ময়ূৰৰ মাত এতিয়া কেৱল স্মৃতি কথাহ্ল Âবাঁহবাৰীৰ পৰা মঠনগুৰিলৈ এই সুদীর্ঘ পথছোৱাত এইবাৰ আনকি চকুত নপৰিল এটা কের্কেটুৱাও, চতুর্দিশে বেদখলে এই প্রাচীন অৰণ্যক কেৱল সংকুচিত কৰাই নহয়, প্রশ্ন তুলিছে মানাহৰ অস্তিত্বৰ প্রতি৷ সংকোচনত নিশকতীয়া হৈ পৰা অৰণ্যৰ পৰা প্রতিদিনে লুণ্ঠিত হৈছে বনজ সম্পদ৷
এদলে নির্বিচাৰে হত্যা কৰি গৈছে বন্যপ্রাণী, আন একাংশই নিজ স্বার্থ সন্মুখত ৰাখিয়েই চিৰিয়াখানালৈ পর্যবসিত কৰিব বিচাৰিছে মানাহক৷ যেন ভূতৰ ওপৰত দানহহ্ল মঠনগুৰিৰ ভাৰত-ভূটান সীমান্তৰ এইপাৰে ৰবৰ খেতি আৰু চাহ খেতিৰে নিজৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ গৈ আমাৰ মাজৰে একাংশই যেতিয়া নির্বিচাৰে বনাঞ্চল তহিলং কৰি পেলাইছে, সেই সময়তে অৰণ্য তথা প্রাকৃতিক সম্পদৰ বহনক্ষম উন্নয়নেৰে মানাহৰ সিটো পাৰে ভূটানত আৰম্ভ হৈছে অর্থনৈতিক উন্নয়নৰ কাঠামো৷ বিশ্বৰ যিবোৰ দেশে ইতিমধ্যে বৃহৎ উদ্যোগ তথা উদ্যোগীকৰণৰ নেতিবাচক দিশসমূহৰ সৈতে মুখামুখি হৈছে তেনে দেশসমূহৰ বাবে এটা শেহতীয়া মন্ত্র হৈ পৰিছে ইক’টুৰিজম, অর্থাৎ পাৰিপাশ্র্বিক পর্যটন৷ ভাৰতবর্ষতো, বিশেষকৈ অসমত আজি কেইবছৰমানৰ পৰা এই ইক’টুৰিজম শব্দটোৱে ব্যাপক চর্ লাভ কৰা দেখা গৈছে৷ শেহতীয়াকৈ অসমত ইক’টুৰিজমৰ নামত যিবোৰ কার্যকলাপ প্রত্যক্ষ কৰিছোঁ সেইবোৰ দেখি-শুনি ভাব হৈছে অসমত ইক’টুৰিজম সংজ্ঞাটোৰ এটা ভুল বা অপব্যাখ্যাহে গ্রহণ কৰা হৈছে৷ ‘টুৰিজম’ শব্দটোৰ আগত কেৱল ‘ইক” শব্দটো লগাই দিলেই পাৰিপাশ্র্বিক পর্যটনৰ সংজ্ঞা সম্পূর্ণ নহয়৷ ফলত ইয়াৰ দ্বাৰা আমাৰ ইক’লজি বা পৰিৱেশৰ অধিক ক্ষতি হোৱাৰ সম্ভাৱনাহে বেছি৷
পর্যটন হৈছে দুয়োফালে ধাৰ থকা এখন তৰোৱালৰ দৰে– a double-edged sword৷ পর্যটন উদ্যোগ নির্ধাৰিত নিয়মৰ মাজেদি ভালদৰে চলালে ই নিশ্চয় পৰিৱেশ, দেশ তথা জাতি-জনজাতিৰ উন্নয়নৰ সোপান হোৱাৰ লগতে প্রকৃতি সংৰক্ষণতো অভূতপূর্ব বৰঙনি যোগাব পাৰে৷ আনহাতে, কেৱল ব্যক্তিগত মুনাফা বা লাভালাভৰ স্বার্থত পর্যটনক ব্যৱহাৰ কৰিলে ই হিতে বিপৰীত হোৱাৰ লগতে প্রকৃতি তথা পৰিৱেশ বিনষ্টকাৰী হৈ পৰাৰ আশংকাই প্রবল৷ বিশ্বৰ পর্যটন উদ্যোগৰ পৰিসৰত পাৰিপাশ্র্বিক পর্যটনৰ সংজ্ঞা নির্ধাৰণ কৰা হৈছে এনেদৰে– ‘তুলনামূলকভাৱে অক্ষুণ্ণ হৈ থকা বনাঞ্চলত প্রাকৃতিক সৌন্দর্য উপভোগৰ লগতে সেই অঞ্চলটোৰ উদ্ভিদ আৰু বন্যপ্রাণী দর্শন কৰিব পৰা সুবিধাৰ লগতে অঞ্চলটোৰ নৃগোষ্ঠীয় লোকসকলৰ পৰম্পৰা তথা সংস্কৃতিৰ অৱলোকন আৰু সিবিলাকৰ ওপৰত ক্ষেত্র-ভিত্তিক অধ্যয়নেৰে তথ্য আহৰণ কৰিবলৈ কৰা ভ্রমণ৷’ (অৱশ্যে তেনে দেশসমূহতহে পাৰিপাশ্র্বিক পর্যটনৰ সম্ভাৱনীয়তাই গুৰুত্ব লাভ কৰিব, যিবোৰ দেশত এতিয়াও কম-বেছি পৰিমাণে হ’লেও প্রাকৃতিক সম্পদ প্রায় অবিকৃতভাৱেই আছে)৷
পাৰিপাশ্র্বিক পর্যটনক উদ্যোগ হিচাপে লোৱা বিশ্বৰ কেইখনমান অগ্রণী দেশৰ ভিতৰত কোষ্টাৰিকা, গুৱাটেমালা, মাদাগাস্কাৰ, কানাডা, দক্ষিণ আফ্রিকা, মালদ্বীপ আদিৰ নাম উল্লেখযোগ্য৷ ভাৰতবর্ষৰ ক্ষেত্রত ইক’টুৰিজমৰ ধাৰণাটোৱে চর্ লাভ কৰিছে আজিৰ পৰা মাত্র 14-15 বছৰ আগৰ পৰাহে৷ 1998 চনত কেন্দ্রীয় পর্যটন মন্ত্র্যালয়ে ভাৰতবর্ষত ইক’টুৰিজিমৰ বিকাশৰ বাবে কিছু নীতি-নির্দেশনা যুগুত কৰে৷ এই নীতি-নির্দেশনা মূলতঃ এই কাৰণে গ্রহণ কৰা হৈছিল যাতে পাৰিপাশ্র্বিক পর্যটনৰ বিকাশ কোনো কাৰণতেই প্রকৃতি তথা পৰিৱেশ সংৰক্ষণৰ পৰিপন্থী হৈ নপৰে৷
এই নীতি-নির্দেশনা ভাৰতবর্ষৰ সকলো ৰাজ্যৰ ক্ষেত্রতে প্রযোজ্য যদিও বাস্তৱ ক্ষেত্রত এই নীতি-নির্দেশনাৰ পালন হৈছে বুলি ক’ব নোৱাৰি৷ 2002 চনত কানাডাৰ কুইবেক চহৰত অনুষ্ঠিত সন্মিলনত বিশ্ব পাৰিপাশ্র্বিক পর্যটন উদ্যোগৰ তৰফৰ পৰা বিশ্ববাসীৰ প্রতি এক আৱেদন জনোৱা হৈছিল৷ সেই আৱেদনত বিশ্বৰ সকলো দেশকে প্রাকৃতিক পৰিৱেশক সুৰক্ষা দিয়াৰ লগতে পৰম্পৰাগত বনবাসী নৃ-গোষ্ঠীয় লোকসকলৰ কৃষ্টি-সংস্কৃতিক ৰক্ষণাবেক্ষণ দিয়া, তেওঁলোকৰ পৰম্পৰাগত জ্ঞানক শ্রদ্ধা কৰাৰ লগতে সেই জাতি-গোষ্ঠীসমূহৰ স্বকীয় বৈশিষ্ট্যসমূহ আৰু তেওঁলোকৰ ভূ-সম্পত্তিকে ধৰি অন্যান্য পৰম্পৰাগত সম্পদসমূহক ৰক্ষণাবেক্ষণেৰে তেওঁলোকৰ আর্থ-সামাজিক উন্নয়নক গুৰুত্ব দিয়াৰ আহ্বান জনোৱা হৈছিল৷ এইটো অনস্বীকার্য যে যিসকল লোকে পৰম্পৰাগতভাৱে বনাঞ্চলত বাস কৰি আহিছে তেওঁলোকৰ দ্বাৰা প্রকৃতি আৰু পৰিৱেশ সদায়ে সুৰক্ষিত হৈ আছে৷ আনহাতে, এইটোও এটা ভুল ধাৰণা যে এনে নৃ-গোষ্ঠীয় লোকসকল, যিসকল প্রকৃতিৰ কোলাতেই লালিত-পালিত হৈছে, তেওঁলোকো সদায়ে এনেদৰেই অর্থাৎ সকলো ধৰণৰ প্রগতিয়ে ঢুকি পোৱাৰ পৰা আঁতৰত শিক্ষা-দীক্ষা তথা আন সুখ-সুবিধাৰ পৰা বঞ্চিত হৈয়ে থাকি যাব৷ এই বনবাসী লোকসকলৰ অৱস্থাৰ উন্নতিৰ ক্ষেত্রত পাৰিপাশ্র্বিক পর্যটনে নিশ্চয়কৈয়ে এটা ভূমিকা পালন কৰিব, তাত কোনো দ্বিমত থাকিব নোৱাৰে৷ পর্যটনক উদ্যোগ বা ব্যৱসায় হিচাপে লৈ তেওঁলোকে আত্মনির্ভৰশীল হোৱাই নহয়, বনবাসী হৈও তেওঁলোকে সঁচা অর্থত এটা আধুনিক জীৱন কটোৱাৰ সুবিধা লাভ কৰিব৷
উল্লেখযোগ্য যে ভাৰতবর্ষত পর্যটনথলীসমূহক ছটা ভাগত ভগোৱা হৈছে৷ পাৰিপাশ্র্বিক পর্যটনৰ ক্ষেত্রত পোনছাটেই মনলৈ অহা নামটো হ’ল কেৰালা৷ কেৰালাৰ মেনমালত প্রথমে পাৰিপাশ্র্বিক পর্যটনে উদ্যোগ ৰূপে গুৰুত্ব লাভ কৰিছিল৷ আন্দামান-নিকোবৰ দ্বীপপুঞ্জ, সুন্দৰবন আদিৰ দৰেই সমগ্র উত্তৰ-পূর্বাঞ্চলতে পাৰিপাশ্র্বিক পর্যটনৰ অলেখ ক্ষেত্র আছে৷ সাধাৰণতে আমাৰ সকলোৰে এটা ধাৰণা আছে যে উত্তৰ-পূর্বাঞ্চলৰ অর্থনৈতিক অনগ্রসৰতাৰ মূল কাৰণ এই অঞ্চলৰ ৰাজ্যকেইখনত লেখত ল’বলগীয়া বৃহৎ উদ্যোগৰ অনুপস্থিতি৷ এই ধাৰণা আমাৰ ইমান গভীৰলৈকে শিপাইছে যে বৃহৎ উদ্যোগ অবিহনে আমাৰ ভৱিষ্যৎ একেবাৰে তমসাচছন্ন বুলিয়ে আমি ভাবি লৈছোঁ আৰু কপাল চপৰিয়াই বহি আছোঁ৷
আমাৰ ধাৰণা, কেৱল বৃহৎ উদ্যোগ স্থাপনেৰেহে আমাৰ নিবনুৱা সমস্যাৰ সমাধান হ’র, কেৱল বৃহৎ উদ্যোগেই আমাক উন্নতিৰ সোপানত আগুৱাই লৈ যাব– এনে ধাৰণাৰ বশৱর্তী হৈয়ে প্রকৃতি ৰাজ্য অসম আৰু প্রকৃতি নির্ভৰ কৃষি তথা কৃষিভিত্তিক অর্থনীতিক উলাই কৰি আমি পৰিৱেশ বিনষ্টকাৰী বিভিন্ন উদ্যোগ প্রতিষ্ঠাত উদ্যোগী হ’বলৈ যত্নপৰ হৈছোঁ৷ কোৱা বাহুল্য, কেৱল অসমেই নহয়, সমগ্র উত্তৰ-পূবেই এখন মনোৰম প্রকৃতি ৰাজ্য৷ কাজিৰঙা, মানাহ, মাজুলী, পবিতৰা, চেৰাপুঞ্জী, মৌচিনৰাম, টাৱাঙৰ বিনন্দীয়া প্রকৃতি তথা জীৱ-বৈচিত্র্যই বিশ্বৰ পর্যটন মানচিত্রত স্থান লাভ কৰিছে৷ সমগ্র উত্তৰ-পূর্বাঞ্চলৰ দৰেই অসমতো আছে ভিন্নতাৰ সমাহাৰ৷
অসমৰ প্রতিখন জিলাতেই বাৰেৰহণীয়া লোক-কৃষ্টিৰ বর্ণিল সমাৱেশ ঘটিছে৷ তদুপৰি আছে আমাৰ ঐতিহ্যমণ্ডিত কীর্তিচিহুসমূহ বুকুত সাবটি ঐতিহাসিক স্থানসমূহ৷ প্রাচীন প্রাগজ্যোতিষপুৰৰ ঐতিহ্যসমৃদ্ধ তেজপুৰ, কোঁচ-ৰাজবংশৰ কীর্তিমানেৰে গুৱাহাটী-উত্তৰ গুৱাহাটী-গোৱালপাৰা, আহোমৰ ছশ বছৰীয়া ইতিহাস বুকুত সামৰি চৰাইদেউ-শিৱসাগৰ-নেঘেৰীটিং, কছাৰী ৰাজত্বৰ স্মৃতি বৈ খাচপুৰ-ডিমাপুৰ-মাইবং, নুমলীগড়, ইফালে সূর্য পাহাৰ ইত্যাদি৷ গোলাঘাট জিলাৰ কাছমাৰীৰ ‘মেগালিথ’ সমূহ বা দেওপাহাৰৰ যম আৰু জৰাসন্ধৰ মূর্তি যিদৰে পর্যটকৰ আকর্ষণৰ কেন্দ্রবিন্দু তথা অধ্যয়নৰ সমল হ’ব পাৰে একেদৰে টোকলাই-ডিবুৰু-দুলীয়াজান-টিৰাপতো আছে বহু ঐতিহাসিক তথ্যৰ ভাণ্ডাৰ৷ কিন্তু আমাৰে দুর্ভাগ্য যে দেশী-বিদেশী পর্যটকসকলক আমি এতিয়াও দেখুৱাব পৰা নাই আমাৰ ঐতিহ্য়, আমাৰ বাৰেৰহণীয়া কৃষ্টিৰ বিপুল সমাহাৰ৷
অসমলৈ বছৰি যিসকল পর্যটক আহে, তেওঁলোকে দুই-এক অভয়াৰণ্য আৰু ৰাষ্ট্রীয় উদ্যান বা তেনে কিছু চিৰপৰিচিত স্থান ভ্রমণ কৰাৰ পাছতেই বিদায় লয়৷ আমাৰ বহুতৰে ধাৰণা, শাকে-পাতে এসাঁজ খুৱাই, নাৱে-হাতীয়ে দুখনমান অৰণ্য ফুৰালেই বা নিশা প্রকাণ্ড একুৰা জুই ঘেৰি পোৰা মঙহ-সুৰাৰ জুতি লৈ বিহু হুঁচৰি-ঝুমুৰৰ তালত তাল মিলালেই– বচ হৈ গ’ল ইক’টুৰিজম! দৰাচলতে এনেবোৰ আধাসিজা ধাৰণাৰ পৰা আমি যিমান সোনকালে মুক্তি পাব পাৰোঁ আমাৰ পক্ষে সিমানে মংগল৷ শুনিছোঁ, মধ্য প্রদেশত ‘Eco and Adventure Tourism Policy’ -ৰ দ্বাৰা বহু জনজাতীয় লোকৰ জীৱনলৈ পৰিৱর্তন অহাৰ লগতে তেওঁলোক আর্থিকভাৱেও সচছল হৈ উঠিছে৷ আনহাতে, ভাৰতবর্ষৰ আন কেতবোৰ অঞ্চলৰ লগতে অসমতো শেহতীয়াভাৱে ‘টু্যৰ অপাৰেটৰ’ৰ সংখ্যা দ্রুতভাৱে বৃদ্ধি পাইছে৷ এগৰাকী সতীর্থই এই ‘টু্যৰ অপাৰেটৰ’সকলক লৈ কৰা এক মন্তব্য মনত পৰিছে৷ ‘They have jumped on to the Eco-tourism band wagon once they realized the salebility of the concept, but without really understanding its philosophy’৷ এনেধৰণৰ মানসিকতা পর্যটন উদ্যোগটোৰ বাবেই অপকাৰী৷ বিভিন্ন অভয়াৰণ্য তথা ৰাষ্ট্রীয় উদ্যানসমূহক কেন্দ্র কৰি যি ইক’টুৰিজিমৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে, সেই জোৱাৰে কিন্তু আমাৰ পৰিৱেশ তথা প্রকৃতি আৰু বন্যপ্রাণী সংৰক্ষণৰ প্রতি প্রচণ্ড ভাবুকি আনিছে৷ শেহতীয়াকৈ নতুন চৰকাৰে পৰিৱর্তনৰ নামত কাজিৰঙা, মানাহকে আদি কৰি অসমৰ বন্যপ্রাণী সংৰক্ষিত উদ্যানসমূহক পর্যটকৰ বাবে এমাহ পূর্বে মুকলি কৰি দিয়াটোৱে কেৱল সংৰক্ষণৰ প্রক্রিয়াটোকে ক্ষতিগ্রস্ত কৰা নাই, প্রৱঞ্চনা কৰিছে পর্যটকসকলকো৷ কাৰণ গাঁঠিৰ ধন ভাঙি পূজাৰ বন্ধ কাজিৰঙা বা মানাহত কটাবলৈ অহা বহু পর্যটকে পূজাৰ বন্ধৰ সেই দিনকেইটাত নেৰানেপেৰা বৰষুণৰ ফলত বন্দী হৈ থাকিবলগীয়া হ’ল হোটেল বা ৰিজর্টৰ ভিতৰতে৷ এনেবোৰ কাৰণতে আমাৰ ৰাষ্ট্রীয় উদ্যান মুকলি কৰাৰ নিয়ম 1 নৱেম্বৰৰ পৰাহে৷
কিন্তু এমুঠিমান মানুহৰ উপৰুৱা জীৱিকালৈ লক্ষ্য ৰাখি চৰকাৰে যি সিদ্ধান্ত ল’লে সেই সিদ্ধান্তই কোনো পক্ষকে লাভান্বিত কৰা পৰিলক্ষিত নহ’ল৷ আমাৰ বন মন্ত্রীগৰাকীয়েও বিশেষকৈ কাজিৰঙা-মানাহৰ ক্ষেত্রত যি সিদ্ধান্ত ল’লে, সেই সিদ্ধান্তই তেওঁক সংৰক্ষণৰ প্রক্রিয়াটোতকৈও পর্যটনৰ গ্লেমাৰটোৰ প্রতিহে অধিক আকর্ষিত হোৱা যেন দেখা গ’ল৷ এনে ক্ষেত্রত সংৰক্ষণৰ প্রতি অহা প্রত্যাহ্বানসমূহক প্রতিহত কৰি পর্যটন, বিশেষকৈ পাৰিপাশ্র্বিক পর্যটনক বিকাশৰ আধাৰৰূপে কিদৰে গঢ় দিব পাৰি, সেই দিশৰ প্রতি চকু ৰখাটো পৰিবেশ মন্ত্র্যালয় তথা পর্যটন মন্ত্র্যালয়ৰ লগতে প্রত্যেক ৰাজ্য চৰকাৰৰো গুৰুত্বপূর্ণ দায়িত্ব হৈ পৰিছে৷ অসমৰ ক্ষেত্রত আমি ভাবোঁ কাজিৰঙা, মানাহ আদি ৰাষ্ট্রীয় উদ্যানৰ গুৰুত্বলৈ লক্ষ্য ৰাখি অসমৰ পর্যটনৰ বাবে অতি শীঘ্রে নীতি-নির্দেশনা যুগুত কৰাটো জৰুৰী অথবা বাহাল থকা নীতি-নির্দেশনাসমূহ অধিক কট৲কটীয়া ৰূপত কার্যকৰী কৰাটো প্রয়োজনীয় হৈ পৰিছে৷
পাৰিপাশ্র্বিক পর্যটন কিদৰে বিকাশৰ উৎস হৈছে, তাৰ উদাহৰণ মালয়েছিয়া, গুৱাটেমালাৰ পৰা আৰম্ভ কৰি মধ্য প্রদেশ আৰু কেৰালালৈকে বহু আছে৷ অসম তথা উত্তৰ-পূবৰ যিসকল পৰম্পৰাগত বনবাসী, তেওঁলোকৰ আর্থ-সামাজিক উন্নয়নত পাৰিপাশ্র্বিক পর্যটনে নিশ্চয় এটা ভূমিকা পালন কৰিব পাৰে, সেই কথা আমি পূর্বেও উনুকিয়াইছোঁ৷ কেৱল এই পৰম্পৰাগত বনবাসীসকলক কেন্দ্র কৰিয়েই নহয়, বৰং অসমৰ প্রায় প্রতিখন জিলাতেই সিঁচৰতি হৈ থকা পাৰিপাশ্র্বিক পর্যটনৰ বিভিন্ন উপাদান, যেনে– ঐতিহাসিক স্থান, প্রাচীন কীর্তিস্তম্ভকে আদি কৰি বিল, জলাশয়কো আধাৰ কৰি বহু নিবনুৱা যুৱকে পাৰিপাশ্র্বিক পর্যটনৰ পৰিকাঠামো তৈয়াৰ কৰিব পাৰে৷ ইয়াৰ দ্বাৰা তেওঁলোকে এই স্থানসমূহৰ বিকাশৰ লগতে আত্মনির্ভৰশীল হোৱাৰ লগতে নিজ অঞ্চল তথা ৰাজ্যৰ পর্যটনৰ বিকাশৰ লগতে প্রকৃতি সংৰক্ষণতো গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰিব৷ আমি ভাবোঁ বানপীড়িত ধেমাজি আৰু লখিমপুৰৰ বাবে পাৰিপাশ্র্বিক পর্যটনে বিকাশৰ উৎস হোৱাৰ সম্ভাৱনা কঢ়িয়াইছে৷ এই অঞ্চলটোৰ বিভিন্ন জনগোষ্ঠীয় ৰাইজৰ জীৱনশৈলী, তেওঁলোকৰ লোক কৃষ্টি-সংস্কৃতিৰ লগতে মুগা আৰু ৰেচম শিল্প এই ক্ষেত্রত নিশ্চয় এটা গুৰুত্বপূর্ণ উপাদান৷ অসম তথা উত্তৰ-পূর্বাঞ্চলত পাৰিপাশ্র্বিক পর্যটনৰ গুৰুত্ব বঢ়াব পাৰিলে অদূৰ ভৱিষ্যতে এই উদ্যোগেই অসমৰ দৰে ৰাজ্যৰ বাবে বৃহৎ উদ্যোগৰ বিকল্প হোৱাৰ যোগ্যতাও লাভ কৰাৰ যথেষ্ট থল আছে৷ [উৎস ::দৈনিক জনমভূমি ]
0 comments:
Post a Comment