ৰাজ্যত সহস্রাধিক এজনীয়া শিক্ষকৰ প্রাথমিক বিদ্যালয় থকাৰ পাছতো পূর্বৰ কংগ্রেছ চৰকাৰৰ দিনত চৰকাৰী বিষয়া, ৰাজনৈতিক নেতা-পালিনেতাক মেনেজ কৰি পচন্দৰ স্থানলৈ বদলি লোৱা বৃহৎসংখ্যক শিক্ষকক পুনৰ পূর্বৰ স্থানলৈ ঘূৰাই অনা আৰু এজনীয়া শিক্ষকৰ বিদ্যালয়ত নিযুক্তি দিয়াৰ প্রক্রিয়া আৰম্ভ কৰিছে শিক্ষা বিভাগে৷ এই ক্ষেত্রত ইতিমধ্যেপূর্বে পচন্দৰ স্থানলৈ বদলি লোৱা একাংশ শিক্ষকক এজনীয়া শিক্ষকৰ বিদ্যালয়ত নিযুক্তি দিয়া আৰু পূর্বৰ স্থানলৈ ঘূৰাই অনা প্রক্রিয়া আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে৷ মন কৰিব লগীয়া যে সম্প্রতি ৰাজ্যত 1130খন এজনীয়া শিক্ষকৰ প্রাথমিক বিদ্যালয় আছে৷ এই বৃহৎসংখ্যক বিদ্যালয়ত মাত্র এজন শিক্ষক থকাৰ ফলত শিক্ষা লাভৰ ক্ষেত্রত কণ কণ ছাত্র-ছাত্রীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে৷ শেহতীয়াকৈ শিক্ষামন্ত্রী ড0 হিমন্ত বিশ্ব শর্মাই প্রাথমিক শিক্ষা বিভাগক নীতি-বহির্ভূতভাৱে বদলি হোৱা শিক্ষকসকলক এজনীয়া শিক্ষকৰ বিদ্যালয়ত নিযুক্তি দিবলৈ আৰু পূর্বৰ স্থানলৈ ঘূৰাই আনিবলৈ কঠোৰ নির্দেশ দিয়াৰ পাছতেই শিক্ষকৰ বদলি প্রক্রিয়া আৰম্ভ কৰিছে বিভাগটোৱে৷ শিক্ষামন্ত্রীজনে অহা ডিচেম্বৰৰ ভিতৰত ৰাজ্যত এজনীয়া শিক্ষকৰ বিদ্যালয় নাইকিয়া কৰাৰো নির্দেশ দিছে প্রাথমিক শিক্ষা বিভাগক৷ উল্লেখযোগ্য যে পূর্বৰ চৰকাৰৰ দিনত ৰাজ্যৰ বৃহৎসংখ্যক শিক্ষকে শিক্ষা বিভাগৰ একাংশ আমোলা, বিষয়া, ৰাজনৈতিক নেতা-পালিনেতাক মেনেজ কৰি পচন্দৰ স্থানলৈ বদলি হৈছিল৷ এই ক্ষেত্রত পূর্বে এজনীয়া শিক্ষকৰ বিদ্যালয়ত নিযুক্ত হোৱা একাংশ টে’ট উত্তীর্ণ শিক্ষকে বিভাগীয় বিষয়াক মেনেজ কৰি পচন্দৰ স্থানলৈ বদলি হোৱাৰ পাছত পুনৰ সেই বিদ্যালয়সমূহ এজনীয়া শিক্ষকৰ বিদ্যালয়ত পৰিণত হৈছিল৷ ইফালে ৰাজ্য চৰকাৰে শীঘ্রেই ৰাজ্যত পুনৰ 20 হাজাৰ শিক্ষকক নিযুক্তি দিয়া হ’ব বুলি প্রকাশ কৰিছে শিক্ষামন্ত্রী ড0 শর্মাই৷ ছচিয়েল মিডিয়া টুইটাৰত টুইট কৰি শিক্ষামন্ত্রীজনে এই কথা প্রকাশ কৰিছে।[উৎস ::দৈনিক জনম ভূমি ]
বৃহৎ সংখ্যক শিক্ষকক পূর্বৰ স্থানলৈ ঘূৰাই আনিব শিক্ষা বিভাগে::ড:হিমন্ত বিশ্ব শর্মা

0 comments:
Post a Comment