কাতি বিহুৰ দিনা::পবিত্ৰ তুলসী গছ ৰোপন কৰো আহক

__------------- ডঃ ছবি গগৈ----------

আটাইলৈ কাতি বিহুৰ শুভেচ্ছা জনালোঁ । আজি সকলোৱে তুলসী পুলি এটা ৰোবই । তলত চাকি এগছ দিবই । এয়া অসমীয়া পৰম্পৰা আৰু কৃষিভিত্তিক উৎসৱ কাতি বিহুৰ এপদ মাংগলিক অলংকাৰ । এইখিনি কৰিবলৈ যাওঁতে দুটামান মন কৰিবলগীয়া কথাহে আজি ক'ব খুজিছোঁ ।

১. তুলসীৰ গুৰিটোত মাটি চপাই সেঁচি সেঁচি টান ভেটি নবনাব । কাৰণ তুলসীও এজুপি গছ , তাকো মাটিৰে টনা বায়ু লাগে জীয়াই থাকিবলৈ । গতিকে মাটি চপালেও নেসেঁচাকৈ কোমল বা স্বাভাৱিক কৰি ৰাখক ।

২. ভেটিটো গোবৰ মাটিৰে লিপি মিহি নকৰিব । এনে কৰিলেও ছিদ্ৰহীন হৈ বায়ুৰ স্বাভাৱিক সৰবৰাহ ব্যাহত হ'ব । তাৰ পৰিৱৰ্তে গুৰিটো মুকলিকৈ ৰাখি তাৰ কিছু আঁতৰত লিপা ঠাইকণ প্ৰস্তুত কৰক । তেতিয়া গছ জুপিয়েও কষ্ট নাপায় আৰু পৰম্পৰায়ো কষ্ট নাপায় ।

৩. চাকি গছ তুলসীৰ তলত নজ্বলাব । মাটিৰ চাকিৰ তাপ আৰু তেল চিকটি লগা ধোঁৱাই গছ পুলিটোক বহুত কষ্ট দিয়ে । তাৰ পৰিৱৰ্তে ভেটিৰপৰা আঁতৰত প্ৰস্তুত কৰা লিপা ঠাইকণত জ্বলাওক । দূৰত্বটো অনুমান কৰি ল'ব যাতে গছ জুপালৈকে তাপ নাযায় । ধূপ জ্বলালেও এই দূৰত্ব ৰক্ষা কৰিব ।

৪. কাতিৰ সংক্ৰান্তিৰপৰা আৰম্ভ কৰি গোটেই কাতি মাহটো তুলসীৰ তলত চাকি দিয়াৰ পৰম্পৰা আছে । সকলোৱে আজিকালি নিদিয়ে । দিলেও বহু সময়ত দেখা যায় তুলসীৰ পুলিটো মাহটো পূৰা নহওঁতেই মৰি থাকে । ইয়াৰ কাৰণ হ'ল ওপৰৰ কথা কেইটা মন নিদিয়াটো । কষ্ট পাইহে পুলিটো মৰে । ৰোব নাজানিলে বা মাটি বেয়া হ'লেও পুলিটো মৰিব পাৰে । কিন্তু বেছি ভাগ পুলি অত্যাচাৰত মৰে । তাপত শুকাই, বতাহ নাপাই, তেলচিকটি লগা ধোঁৱা খাই পুলিটো মৰে ।

৫. তুলসীৰ গুণ বহুত । তুলসী ঘৰত থাকিবই লাগে । পৰম্পৰাৰ লগত সংগতি ৰাখিয়েই বহুতে তুলসী এজোপা আনি ৰোৱে । কিন্তু প্ৰায়ে শুনা যায় তুলসী বচাবলৈ বৰ টান বুলি কোৱা । টান নহ'লহেঁতেন , যদিহে স্বাভাৱিকভাৱে ৰোৱা হ'লহেঁতেন । কিন্তু চোতালৰ মূৰত বা পিৰালিৰ কাষত ৰোৱে । এই ঠাইৰ মাটি সাধাৰণতে টান হয় । তাতে পৰম্পৰাৰ নামত অসাৱধানবশতঃ আমি অত্যাচাৰ কৰোঁ । ফলত পুলিটো নাবাচেগৈ আৰু । যি সকলে সচেতনভাৱে বা অসচেতনভাৱে উপৰোক্ত নিয়ম মানিছে তেওঁলোকৰ নমৰাকৈ বাচি গৈছে ।

আজি সূৰ্যৰ অৱস্থান অনুসৰি কিছুমান গছে শক্তি আৰু গুণ আহৰণ কৰিব । তাৰ ভিতৰত তুলসীও এজোপা । সেয়ে আজি তুলসীৰ গছক মান্যতা দিয়া হয় । ঠিক চ'তৰ সংক্ৰান্তি আৰু মকৰ সংক্ৰান্তিত সূৰ্যৰ অৱস্থানে প্ৰকৃতিৰ ওপৰত প্ৰভাৱ পেলোৱাৰ দৰে । কাতিৰ সংক্ৰান্তিও তেনে এক প্ৰকৃতি বিজ্ঞানৰ জৰিয়তেই কৃষিজীৱী আৰু কৃষিভিত্তিক উৎসৱৰ লগত সাঙুৰ খাই পৰিল নিশ্চয় । প্ৰকৃতিৰ লগত সহবাস কৰা আমাৰ প্ৰাচীন কালৰ কৃষিজীৱীসকল প্ৰকৃতি বিজ্ঞানীতকৈ কোনো গুণে কম নাছিল । আজিকালি আমি নগৰ চহৰত বাস কৰি প্ৰকৃতিৰ প্ৰতি মন দিবলৈ এৰি দিয়াৰ ফলস্বৰূপে অজানিতেই প্ৰকৃতিৰ অনাদৰ আৰু অনিষ্ট কৰি পেলাওঁ । আহকচোন আজি পৱিত্ৰ বুলি ভবা তুলসীৰ পুলিটোৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাও কৰোঁ ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment