আজি কাতি বিহু::পথাৰত বন্তি জ্বলাব কৃষিজীৱী অসমীয়াই



অসমীয়াৰ বাপতি সাহােন আজি কাতি বিহু অথবা কঙালী বিহু। তিনিটা বিহুৰ এক অন্যতম বিহু কাতি বিহু অথবা কঙালী বিহুক উপলক্ষ্য কৰিয়েই আজি অসমৰ প্ৰান্তে প্রান্তে প্রত্যক্ষ হ’ব গঞা জীৱনৰ উছৱৰ উচাহ, আধ্যাত্মিক চিন্তা-চেতনা আৰু ভক্তিৰসৰ ডুখৰীয়া ছবি।কাতি বিহু উদযাপিত হােৱা সময়খিনিত সাধাৰণতে কৃষিজীৱী অসমীয়াৰ শইচৰ ভৰাল প্রায় উদং হােৱাৰ দৰে হয়। অন্যান্য শস্য, ফচল আদিৰো উভৈনদী পৰিবেশ নাথাকে। পথাৰৰ ধাননিডৰাৰ আপদাল বা অন্যান্য কৃষিকৰ্মত ব্যস্ত থাকে জনগণ। গতিকে আপাতঃ একধৰণৰ কঙাল যেন লগা পৰিবেশৰ মাজত উদযাপিত হােৱা বাবেই কাতি বিহুৰ অন্য এক অভিধা হ’ল কঙালী বিহু। কিন্তু ৰঙালী বিহুৰ দৰে ৰং-উলাহ আৰু ভোগালী বিহুৰ দৰে ভোগ-প্রাচুর্য নাথাকিলেও আধ্যাত্মিক দিশৰ পৰা কাতি বিহুৱে বিশেষ তাৎপর্য বহন কৰি আহিছে। কাতি মাহত কৃষকৰ পথাৰত মিচিকিয়াই হাঁহে সোণালী সমৃদ্ধিৰ বতৰা। পথাৰত লখিমীৰ এনে হাঁহি দেখিয়ে সেই লখিমীক প্ৰণিপাত জনাই কাতি বিহুত পথাৰত বন্তি জ্বলায় কৃষিজীৱী অসমীয়াই। তদুপৰি ঐশ্বর্যসমৃদ্ধি, সুখ-শান্তিদায়িনী লক্ষ্মী দেৱীক উদ্দেশ্যি তুলসীৰ তলতাে ধূপ-চাকি জ্বলাই শৰাই আগবঢ়ায়। গো-লক্ষ্মীক উদ্দেশ্যি গোহালি ঘৰ, লক্ষ্মী বাস কৰা ভৰাল ঘৰ আৰু তামোল-নাৰিকল আদিৰ তলতো জুলাই ভক্তিৰ চাকি। গোটেই কাতি মাহটাে কৃষিজীৱী অসমীয়াই ভক্তিৰসেৰে ভৰা এটা পবিত্ৰ মাহ হিচাপে গণ্য কৰে। সেই বিশ্বাসমৰ্মেই কাইলৈৰ পৰা গোটেই কাতি মাহজুৰি তুলসীৰ তলত চাকি জ্বলাই, নামঘৰত নাম-কীৰ্তন কৰি ভক্তিৰসত বুৰ যায় অসমীয়া জনগণ।ইফালে, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কাতি বিহু উপলক্ষে অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আকালি এক বিবৃতিযোগে মুখ্যমন্ত্রী সোণোৱালে কয় যে কাতি বিহুৰ পবিত্ৰ বন্তিৰ পোহৰে সমাজৰ পৰা অসূয়া, অগ্ৰীতিৰ অন্ধকাৰ আঁতৰাই সম্প্রীতিৰ এনাজৰী অধিক সুদৃঢ় কৰি বৰাক-ব্ৰহ্মপুত্র, পাহাৰ-ভৈয়ামত বসবাস কৰা সকলো অসমবাসীৰ মনত নতুন আশাৰ সঞ্চাৰ কৰিব। কৃষিভিত্তিক এই উৎসৱ পালনৰ জৰিয়তে অসমৰ শস্যশ্যামলা পথাৰসমূহ সোণ গুটিৰে উপচি পৰি অসমৰ কৃষক সমাজলৈ এক নতুন আশাৰ বতৰা কঢ়িয়াই আনিব বুলিও মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment