খিলঞ্জীয়াক বিপন্ন কৰিব হিন্দু বাংলাদেশীয়ে::কৃষক মুক্তিৰ সমাৱেশত ড° হীৰেন গোহাঁই


কৃষক মুক্তি সংগ্রাম সমিতিয়ে হিন্দু বাংলাদেশী সংস্থাপনৰ বাবে কেন্দ্রীয় চৰকাৰে আৰম্ভ কৰা কচৰতৰ বিৰুদ্ধে কালি গুৱাহাটীত অনুষ্ঠিত কৰে এক বিশাল সমাৱেশ। সমাৱেশত উপস্থিত থকা জনতাই অসমত এজনো বিদেশী নাগৰিক সংস্থাপিত কৰিব নোৱাৰাৰ সংকল্পৰে কেন্দ্ৰ-ৰাজ্য চৰকাৰক এই সিদ্ধান্ত শীঘে বাতিল কৰিবলৈ সকীয়নি দিয়ে। ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট বুদ্ধিজীবী-নাগৰিকে অংশগ্রহণ কৰা সমাৱেশখনত নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো পৰিস্থিতিতে মানি নোলোৱাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। সমাৱেশত উপস্থিত জনতাক উদ্দেশ্যি বক্তব্য প্রদান কৰি ড° হীৰেন গোঁহায়ে কয় যে বাংলাদেশী হিন্দুক নাগৰিকত্ব দিলে অসমৰ থলুৱা লোকৰ ভৱিষ্যৎ বিপদাপন্ন হৈ উঠিব। ভবিষ্যতে ভোটৰ জৰিয়তে বহিৰাগত মানুহে চৰকাৰ গঠন কৰি থলুৱা লোকৰ অস্তিত্ব বিপন্ন কৰি তুলিব। ধৰ্মৰ ভিত্তিত বিদেশীৰ বিভাজন হ’লে অসম অগ্নিকুণ্ডত পৰিণত হ’ব বুলি মন্তব্য কৰি ড° গোহাঁয়ে আৰু কয়— ‘‘নাগৰিকত্বৰ ভিত্তিবর্ষ হিচাপে ১৯৭১ চন হিন্দু-মুছলমান আটায়ে গ্রহণ কৰাৰ পাছত ৰাজ্যখনলৈ শান্তি আহিল, ঐক্যবদ্ধ গণসংগ্ৰামৰ বাট মুকলি হ’ল। আজি জনসাধাৰণৰ সেই ৰায় ভৰিৰে ঠেলি দি শাসক গোষ্ঠীয়ে ৰাজ্যখনক পুনৰ অশান্তি, অস্থিৰতা, ৰক্তাক্ত সংঘৰ্ষৰ পিনে লৈ যাব খুজিছে। সেয়ে সিহঁতৰ এই ষড়যন্ত্রমূলক প্রস্তাৱ শৰীৰৰ শেষ বিন্দু তেজেৰে যুঁজি হ’লেও প্রতিহত কৰিব লাগিব। অসমীয়াৰ ঐতিহ্য যুঁজৰ ঐতিহা, সাহস আৰু শৌৰ্যৰ ঐতিহ্য। এই এমুঠি মানুহেই সন্মিলিত শক্তিৰে প্ৰবল প্ৰতাপী মোগল বাহিনীক প্রতিহত কৰিছিল। আজি ১৯৭১ চনৰ পূর্বে অহা
সকলো জনগণকে সামৰি লৈ বৃহত্তৰ অসমীয়া জাতিস্বৰূপে বিভিন্ন ভাষা, ধর্ম, সংস্কৃতিৰ জনগণে পুনৰ অসম ৰক্ষাৰ সংগ্ৰামত নামিব লাগিব। তেহে আমাৰ ভাত-কাপোৰৰ যুঁজখন, মাটি-ভেটিৰ যুঁজখন, সন্মান-আত্মমর্যাদা যুঁজখন সাফল্যমণ্ডিত হ'ব। কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট বুদ্ধিজীৱী উদয়াদিত্য ভৰালীয়ে কয় যে বিজেপি চৰকাৰে জাতি-মাটি-ভেটি ৰক্ষাৰ নাম লৈ ভণ্ডামি কৰিছে। এপিনে থলুৱা লোকক নিজৰ ঘৰৰ মাটি-ভেটিৰ পৰা উচ্ছেদ কৰি আছে, আনহাতে ঐতিহাসিক অসম চুক্তিক উলংঘা কৰি হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদান কৰি অসমত সংস্থাপন কৰি অসমীয়া জাতি, ভাষা, সংস্কৃতিক সংকটৰ মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। যিকোনো প্ৰকাৰে এই ষড়যন্ত্র প্রতিহত কৰিবই লাগিব। তেওঁ লগতে ভৱিষ্যতে অধিক জংগী আন্দােলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। সমাৱেশখনত বিশিষ্ট বুদ্ধিজীৱী উদয়াদিত্য ভৰালী, ড° দীনেশ বৈশ্য, জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্ত, চি পি আই (এম এল) ৰ ৰাজ্যিক সম্পাদক বিবেক দাস, ত্ৰিপুৰা পিপলছ ফ্ৰণ্টৰ মাইকেল জামাতিয়া, আদিবাসী জাতীয় সংঘৰ সভাপতি বীৰেন মির্ধা, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি উদয়ন গগৈ, আহােম সভাৰ সভাপতি কিৰণ গগৈ, বি টি এ ডি নাগৰিক মঞ্চৰ সভাপতি জমছেৰ আলীৰ লগতে অসমীয়া মুছলিম কল্যাণ পৰিষদ, অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদ, দেউৰী জাতীয় পৰিষদ, মটক যুৱ সন্মিলনী, তাই আহােম যুৱ পৰিষদ আদিৰ নেতৃত্বই অংশগ্রহণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্র বিৰােধিতা কৰে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment