ৰঙা চীনৰ আগ্ৰাসন:::অধিক নিৰাপত্তা বাহিনী বিচাৰিছে অৰুণাচল চৰকাৰে




চীন-ম্যানমাৰ-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষাৰ বাবে অধিক নিৰাপত্তা বাহিনী বিচাৰিছে অৰুণাচলৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৱে। মুখ্যমন্ত্রীগৰাকীয়ে তিনি দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষাৰ বাবে ৰাজ্যত প্রয়োজনীয় নিৰাপত্তা বাহিনীৰ অভাৱৰ প্ৰসংগ উত্থাপনেৰে কেন্দ্রীয় গৃহমন্ত্রী ৰাজনাথ সিঙক মুখ্যমন্ত্ৰীগৰাকীয়ে অতিৰিক্তকৈ আৰু তিনিটা ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ন বিচাৰে। তদুপৰি আন্তঃৰাষ্ট্ৰীয় সীমাস্তৰে উত্তৰ-পূবৰ উগ্ৰপহীয়ে বিভিন্ন কার্যকলাপ চলাই থকা বুলিও উদ্বিগ্নতা প্রকাশ কৰে খাণ্ডুৱে। অৰুণাচল প্ৰদেশৰ সৈতে থকা আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্রম কৰি আগ্রাসী চীনে ৰাজ্যখনৰ ভূমিত পদার্পণ কৰি থকাৰ প্ৰসংগ উল্লেখ কৰাৰ লগতে মুখ্যমন্ত্রী পেমা খাণ্ডুৱে কয় যে ৰাজ্যখনৰ পূব অঞ্চলত উগ্ৰপন্থী, বিশেষকৈ আলফা (স্বাধীন) আৰু এন এছ চি এন (আই-এম)এ আত্মগোপন কৰি সীমান্তৰে ম্যানমাৰত প্ৰৱেশ কৰি অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ কৰি আছে। কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীৰ সৈতে বৈঠকৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে সীমান্তত তীক্ষ নিৰীক্ষণৰ বাবে মানৱবিহীন আকাশী যান (ইউ এ ভি) অথবা ড্রেন ব্যৱহাৰৰ প্ৰস্তাৱ আগবঢ়ায়। তদুপৰি শ্বিলংস্থিত নৰ্থ-ইষ্টার্ন পুলিচ একাডেমীৰ দৰে বিশ্বমানৰ এখন প্রশিক্ষণ প্রতিষ্ঠান স্থাপনৰাে অনুৰােধ জনায় মুখ্যমন্ত্রীগৰাকীয়ে। মন কৰিবলগীয়া যে অৰুণাচল প্রদেশত বর্তমান পাঁচটা আই আৰ বি বেটেলিয়ন কৰ্মৰত হৈ আছে। ইয়াৰ আন্তঃগাঁথনি ব্যৱস্থাপনাৰ বাবে ৭৫ শতাংশ আৰু কৰ্মচাৰীৰ বাবে ৫০ শতাংশ পুজি কেন্দ্ৰই বহন কৰি আছে। প্রত্যেকটাে বেটেলিয়নত প্রায় ১,০০০জন জোৱান থাকে। উল্লেখ্য যে অৰুণাচলৰ পশ্চিমে ভূটানৰ ১৬০ কিলোমিটাৰ, দক্ষিণ আৰু দক্ষিণ-পূবত চীনৰ ১,০৩০ কিলোমিটাৰ আৰু পূব দিশত ম্যানমাৰৰ ৪৪০ কিলোমিটাৰজোৰা আন্তঃৰাষ্ট্ৰীয় সীমান্ত সাঙুৰি আছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment