জিমনাষ্টি দীপাই উপহাৰ পোৱা বিএমডব্লিউ ঘূৰাই দিব ::ত্ৰিপুৰাৰ পথ উপযুক্ত নহয়



ত্ৰিপুৰাৰ জীয়ৰী জিমনাষ্টি দীপা কৰ্মকাৰে ক্রিকেটৰ ভগৱানস্বৰূপ শচীন তেণ্ডুলকাৰৰ উপহাৰ ওভতাই দিয়াৰ সিদ্ধান্ত ল’লে। পদক বঞ্চিত হ’লেও ৰিঅ’ অলিম্পিকত হৃদয় জয় কৰাৰ লগতে ভাৰতীয় ক্রীড়াজগতত ইতিহাস সৃষ্টিকাৰী দীপা উপহাৰ দিয়া প্রায় ৩০ৰ পৰা ৩৫ লাখটকীয়া বিলাসী গাড়ী বি এম ডব্লিউখন ওভতাই দিয়াৰ সিদ্ধান্ত ল’লে। শচীন তেণ্ডুলকাৰে হাতত চাবি তুলি দিয়া বিলাসী গাড়ীখন ওভতাই দিয়াৰ সিদ্ধান্ত লোৱা বুলি দীপাৰ পিতৃ দুলাল কর্মকাৰে সাংবাদিকক অৱগত কৰে। তেওঁ কয় যে এনে যান-বাহন চলোৱাৰ বাবে ত্ৰিপুৰাৰ পথ উপযুক্ত নহয়। বি এম ডব্লিউ চলাবলৈ আগৰতলাত দক্ষ চালক নাই। ৰাজ্যখনত কোম্পানীৰ কোনো ছাৰ্ভিচ চেন্টাৰাে নাই। ইপিনে প্রকাশিত আন এক বাতৰি মতে, দীপা কৰ্মকাৰে কয় যে ত্ৰিপুৰাৰ য’ত তেওঁলোক থাকে, তাত বি এম ডব্লিউৰ দৰে বিলাসী বাহন ৰক্ষণাবেক্ষণ দিয়াটাে সহজ নহয়। ৰাস্তাবোৰ বেয়া, আনকি ঠায়ে ঠায়ে ৰাস্তা ইমানেই কদর্য যে গাড়ী চলোৱাটােৱেই কষ্টকৰ। চলোৱাৰ অসুবিধাৰ উপৰি গাড়ী চলোৱাৰ ব্যয় বহন কৰাটাে কঠিন। এনেবোৰ কাৰণতেই বিলাসী গাড়ীখন হায়দৰাবাদ বেডমিণ্টন এছ'চিয়েচনৰ সভাপতিক ওভতাই দিয়াৰ পৰিকল্পনা কৰিছে। আনহাতে দীপাৰ প্ৰশিক্ষক দ্রোণাচার্য বিশ্বেশ্বৰ নন্দীয়ে জিমনাষ্টিগৰাকীৰ এই সিদ্ধান্তক সমর্থন জনাই ফেডাৰেচনৰ সৈতে কথা পাতি সংশ্লিষ্ট কর্তৃপক্ষক অৱগত কৰা বুলিও সাংবাদিকক জনাইছে। প্রশিক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে, এই লৈ ফেডাৰেচনৰ কোনাে সমস্যা নাই, তেওঁলোকক গাড়ীখনৰ মূল্য দীপাৰ একাউণ্টত জমা কৰিবলৈ পৰামর্শ দিয়া হৈছে। ইপিনে যদি সম্পূর্ণ মূল্য ওভতাই নিদি তেওঁলোকে যি সিদ্ধান্ত গ্রহণ কৰে, তাতেই সন্তুষ্ট হ’ব বুলিও মন্তব্য কৰে প্রশিক্ষক নদীয়ে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment