কাশ্মীৰৰ উদ্যামিতা প্রতিষ্ঠানত সন্ত্রাসবাদীৰ আত্মগোপন:: নিৰাপত্তা বাহিনীৰ অভিযান





কাশ্মীৰৰ পুলৱামা জিলাৰ পাম্প’ৰে চহৰৰ সমীপৰ জম্মু আৰু কাশ্মীৰ উদ্যামিতা প্রতিষ্ঠান (জে কে ই ডি আই)ত আত্মগোপন কৰি থকা সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে। সোমবাৰৰ পৰা আত্মগোপন সন্ত্রাসবাদীৰ ধাৰাসাৰ গুলীত দুজন নিৰাপত্তা বাহিনীৰ আৰু এজন আৰক্ষীৰ লোক আহত হৈছে। এগৰাকী শীর্ষ আৰক্ষী বিষয়াই সদৰী কৰা মতে অট্টালিকাটােত আত্মগোপন কৰি থকা সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান চলি আছে। নিশাৰ আন্ধাৰত যাতে সন্ত্রাসবাদীয়ে পলাই যাব নোৱাৰে তাৰ বাবে ফ্লাড লাইটৰ ব্যৱস্থা কৰা হৈছে। যোৱানিশা অভিযান চলাৰ পাছত আজি পুৱা পুনৰ অভিযান চলাওঁতেই সন্ত্রাসবাদীয়ে ৰকেট আৰু গধুৰ স্বয়ংক্রিয় অস্ত্ৰেৰে নিৰাপত্তা বাহিনীক লক্ষ্য কৰি আক্রমণ কৰে। দুই বা তিনি সন্ত্রাসবাদীয়ে ই ডি আইৰ চৌহদত আত্মগােপন কৰি থাকি নিৰাপত্তা বাহিনীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈ আছে। সন্ত্রাসবাদীকেইটাই ঝিলাম নদীৰ দিশেৰে অট্টালিকাটােত প্ৰৱেশ কৰাৰ পাছতেই নিৰাপত্তা বাহিনীয়ে আৱৰি ৰাখি অভিযান চলাই আছে যদিও বাতৰি লিখা পৰলৈকে সন্ত্রাসবাদীকেইটাক নিয়ন্ত্ৰণ কৰিব পৰা নাই। সেনা, বিশেষ অপাৰেচন গোট, ৰাজ্যৰ আৰক্ষী আৰু চি আৰ পি এফে সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান চলাই আছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment