চিআৰপিএফৰ কনভয়ত কাশ্মীৰত গ্রেনেডেৰে আক্রমণ সন্ত্রাসবাদীৰ::আহত ৯




অশাস্ত কাশ্মীৰ উপত্যকাত আজি সন্ত্রাসবাদীয়ে চি আৰ পি এফৰ কনভয়ত গ্রেনেডেৰে আক্রমণ কৰাত সাতগৰাকী অসামৰিক লোক আৰু দুজন অর্ধসামৰিক বাহিনীৰ জোৱান আহত হয়। আৰক্ষী সূত্রই প্রকাশ কৰা মতে ছাপিয়ান জিলাৰ ব’ন বজাৰ অঞ্চলত চি আৰ পি এফ বাহিনীয়ে টহল দিয়া কনভয়ত সন্ত্রাসবাদীয়ে গ্রেনেডেৰে আক্রমণ কৰে। বজাৰ অঞ্চলৰ পথত তিনিটা গ্রেনেড বিস্ফোৰণ ঘটাত ৯জন আহত হয়। ইয়াৰে চাৰিগৰাকী মহিলাসহ ৭জন অসামৰিক লোক আৰু দুজন চি আৰ পি এফৰ জোৱান। আহতসকলক ততালিকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। উল্লেখ্য যে দক্ষিণ কাশ্মীৰৰ পাম্প’ৰেত জম্মু-কাশ্মীৰ উদ্যামিতা প্রতিষ্ঠান (জে কে ই ডি আই)ত সন্ত্রাসবাদীয়ে আত্মগোপন কৰি থকাৰ বাতৰি কালি  এই ঘটনাটি সংঘটিত হৈছে
Share on Google Plus

About Unknown

0 comments:

Post a Comment