হৰিনামৰ ৰসেৰে মুখৰিত বৰপেটা সত্ৰ::শ্ৰীমন্ত শংকৰদেৱৰ আবির্ভাৱ মহােৎসৱ পালন


সন্ত্রাসবাদীক ৰেহাই দিয়া নহ'ব:: দশেৰা মহােৎসৱত মোদীৰ হুংকাৰ 
হৰিনাম ৰসে বৈকুণ্ঠ প্রকাশে প্রেম অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ডক ভেদি –৫৬৮ বছৰ পূর্বে পৱিত্ৰ অসমভূমিত আবির্ভাৱ হৈ অসমীয়া জাতিক সমৃদ্ধ কৰা মহাপুৰুষ উপলক্ষে কালি হৰিনামৰ ৰসেৰে মুখৰিত হৈ উঠে সত্ৰ নগৰী বৰপেটাৰ মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ স্থাপিত বৰপেটা সত্ৰ। মহাপুৰুষজনাৰ আবিৰ্ভাৱ মহােৎসৱ উপলক্ষে কালি বৰপেটা সত্ৰত পুৱাৰ প্ৰসংগৰ পিছতে ভাগৱত লৈ এক বিশাল শোভাযাত্রা উলিওৱা হয়। গায়ন-বায়নেৰে সু-সজ্জিত এই ভাগৱত শোভাযাত্ৰাত কিনকিনীয়া বৰষুণকো নেওচি সত্ৰনগৰী বৰপেটাৰ ভকত আৰু আই- অংশগ্রহণ কৰে। বৰপেটা সত্ৰৰ পৰা উলিওৱা এই বিশাল শোভাযাত্রাটােৱে চহৰখনৰ পথ পৰিক্ৰম কৰি পুনৰ বৰপেটা সত্ৰৰ সন্মুখত উপস্থিত হােৱাৰ পিছতে শোভাযাত্ৰাৰ সামৰণি পৰে।আবির্ভােৱ মহােৎসৱ উপলক্ষে সন্ধিয়া ধর্মালোচনী সভা অনুষ্ঠিত হয়। এই সভাত সভাপতিত্ব কৰে বৰপেটা সত্ৰৰ বুঢ়াসত্রীয়া বশিষ্ঠ শৰ্মাই। সভাত নির্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰে একশৰণ ভাগৱতী সমাজ অসমৰ অধ্যক্ষ সাধুচৰণ দাসে। । এই ধর্মালোচনা সভা উদ্বোধন কৰে বৰপেটা সমষ্টিৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসে। সভাত আমন্ত্রিত অতিথি হিচাপে অংশগ্রহণ কৰে বনমন্ত্রী প্রমীলাৰাণী ব্ৰহ্মই। 
Share on Google Plus

About Unknown

0 comments:

Post a Comment