তৰুণ গগৈৰ ৮২সংখ্যক জন্মদিন পালন::মুখ্য মন্ত্রী সোণোৱালকে ধৰি বিভিন্ন জনৰ শুভেচ্ছা




প্রাক্তন মুখ্য মন্ত্রী তৰুণ গগৈৰ ৮২সংখ্যক জন্মদিন মঙলবাৰে অনুষ্টুপীয়াকৈ পালন কৰা হয়। দিনৰ প্রায় এঘাৰ বজাত কইনাধৰাৰ বাসভৱনত জন্মদিন উপলক্ষে কেক কাটে প্রাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে। জন্মদিন পালনৰ পিছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্রাক্তন মুখ্য মন্ত্রী গগৈয়ে কয়— ‘বাদ দিয়াহে বুলি কোৱাটাে মােৰ স্বাভাৱিক স্বভাৱসুলভ মন্তব্যহে৷ ইয়াত অহংকাৰৰ কথা নাই। জন্মদিন আহিলে মোৰ সৰুকালৰ কথা মনত পৰে। মই দীঘলীয়া ৰাজনৈতিক জীৱনত যিখিনি সন্মান-স্বীকৃতি পাব লাগে পাইছোঁ। ইয়াত কোনাে আক্ষেপ নাই। সুদীর্ঘ ৰাজনৈতিক জীৱনত ৰাজনৈতিক ক্ষেত্ৰত উত্থান-পতন বহু দেখিছোঁ। বিজ্ঞানপ্রযুক্তিবিদ্যাৰ ক্ষেত্ৰত বিজেপিয়ে গৌৰৱ কৰে। যদিও সেইবোৰ কংগ্ৰেছৰহে অৱদান।” মুখ্য মন্ত্রী সর্বানন্দ সোণোৱালে ফেচবুক আৰু টুইটাৰযোগে প্রাক্তন মুখ্য মন্ত্ৰীগৰাকীক জন্মদিনৰ ওলগ জনায়। প্রদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাকে ধৰি একাংশ শুভাকাংক্ষীয়ে ফোনেৰে জন্মদিনৰ শুভেচ্ছা জনায় প্রাক্তন মুখ্য মন্ত্রীগৰাকীক। জন্মদিন উপলক্ষে একাংশ কংগ্ৰেছ নেতা আৰু চৰকাৰী বিষয়াকর্মচাৰীয়ে বাসভৱনলৈ গৈ প্রাক্তন মুখ্য মন্ত্ৰীগৰাকীক শুভেচ্ছা জনায়।
Share on Google Plus

About Unknown

0 comments:

Post a Comment