জিঅ’ মামি মুম্বাই আন্তঃৰাষ্ট্রীয় চলচিচত্র মহোৎসৱৰ সন্মানীয় ‘স্বর্ণ ভাৰত’ শাখাত প্রদর্শন হ’ব লগীয়া এই বর্ষৰ শ্রেষ্ঠ 11 খন ভাৰতীয় ছবিৰ মাজত অসমৰ জয়ছেং জয় দহোটীয়াৰ পৰিচালিত আৰু প্রযোজিত ‘হান্দুক’ নামৰ অসমীয়া চলচিচত্রখন নির্চিত হোৱাটো সমগ্র অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয়৷ ছবিখন মহোৎসৱৰ আন্তঃৰাষ্ট্রীয় পর্য়ত হ’ব লগা প্রতিযোগিতাৰ বাবেও নির্চিত হৈছে৷ উল্লেখযোগ্য যে হান্দুক ছবিখন নির্ণ কৰা হৈছিল অসমৰ আৱেগ-অনুভূতি জড়িত হৈ থকা এক অতি জটিল আৰু আজিৰ পৰা প্রায় 35 বছৰৰ আগতেই জন্মলাভ কৰা তথা বর্তমানেও জীয়াই থাকিব লগীয়াৰ পৰিৱেশ বাহাল ৰখা অসমৰ এটা সশস্ত্র বিপ্লৱী সংগঠনৰ সংগ্রামখনৰ ওপৰত ভিত্তি কৰি৷ এই হান্দুক ছবিখনৰ নির্ণৰ প্রথম পটভূমি ৰচিত হৈছিল আজিৰ পৰা 9 বছৰমান আগতেই ‘সাদিন’ কাকতত প্রকাশিত এটা বাতৰিৰ প্রতিবেদনৰ আঁত ধৰি৷ কাকতখনত প্রকাশিত শিৱসাগৰ ডিমৌৰ সেই হূদয়বিদাৰক ঘটনাই সেই সময়ত গুৱাহাটীৰ জ্যোতি চিত্রবন চলচিচত্র শিক্ষা প্রতিষ্ঠানত অধ্যয়নৰত তিনিচুকীয়া জিলাৰ কাকপথাৰৰ অতি ভিতৰুৱা গাঁৱৰ যুৱক জয়ছেং জয় দহোটীয়াৰ মনত যথেষ্ট প্রভাৱ বিস্তাৰ কৰে আৰু 2007 চনৰ পৰা 2016 চনলৈ এই সুদীর্ঘ 9 বছৰৰ অন্তত বুকুৰ মাজৰ সংগোপনে কঢ়িয়াই লৈ ফুৰা এই চলচিচত্রখনে বাস্তৱ ৰূপ লয়৷
হান্দুক ছবিখন আৰম্ভ হৈছে এগৰাকী অকলশৰীয়া বৃদ্ধা মাতৃ হেৰামণিৰ কাহিনীৰে য’ত তেওঁ বিগত 6 বছৰে সাক্ষাৎ নোপোৱাকৈ থকা বিপ্লৱী সংগঠনত যোগদান কৰা ‘মুত্তিু’ নামৰ একমাত্র পুত্রক এবাৰ লগ পোৱাৰ হেঁপাহত দিনৰ পিছত দিন কটাবলৈ ধৰে৷ কিন্তু সেই আশা পুতেকৰ গুলীবিদ্ধ এটা নিথৰ দেহৰ ৰূপত আহি ঘৰ পায়হি৷ তাই নিৰৱে-নিমাতে পুতেক ‘মুত্তিু’ৰ শ্রাদ্ধৰ সকলো কাম- কাজ সামৰে আৰু জীয়াই থকাৰ কোনো তাড়না বিচাৰি নাপাই পুখুৰীত জাঁপ দিবলৈ গৈ হঠাৎ সেই মৃতদেহটো পুতেক ‘মুত্তিু’ৰ নাছিল নেকি বুলি সংবাদ লাভ কৰে৷ পুনৰ এটা খীণ আশা লৈ তাই জীয়াই থাকিব ধৰে৷ কিন্তু লাহে লাহে সেই মৃতদেহ সঁচাই মুত্তিুৰ নাছিল নে আছিল তাক লৈ আৰম্ভ হয় বছৰ বছৰজোৰা এক চৰম অনিশ্চয়তা আৰু অপেক্ষা৷ উল্লেখযোগ্য যে হান্দুক হৈছে এটা মৰাণ শব্দ– যাৰ অর্থ অতি ভিতৰুৱা ঘোকোট ঠাই অথবা ঘৰৰ এটি নির্জন আন্ধাৰ কোণ বা চকু৷
মায়ামৰা প্রডাকশ্যনৰ বেনাৰত নির্মিত হোৱা ছবিখনৰ বিভিন্ন চৰিত্রসমূহত অভিনয় কৰে ক্রমে বান্দৈ চেতিয়া, বিশাল অনুৰাগ, নিবেদিতা বৰুৱা, জিতু মৰাণ, দুর্লভ মৰাণ, ৰত্নেশ্বৰ মৰাণ, মৃদুপৱন দত্ত আদিয়ে৷ টঙনা, মাজগাঁও, ডিগবৈ, তিনিচুকীয়া, মার্ঘেৰিটা, লিডু আৰু অৰুণাচলৰ মনোমোহা লোকেশ্যনত দৃশ্যগ্রহণ কৰিছে চিদা বৰাই৷ চিত্রনাট্য লিখিছে ভাস্কৰজ্যোতি দাস আৰু জয়ছেং জয় দহোটীয়াই৷ আনহাতে, থলিতে চিংক ছাউণ্ড কৰিছে শব্দযন্ত্রী দেৱজিৎ গায়নে৷ সম্পাদনা কৰিছে দিগন্ত বৰাই, সংগীত সৌৰভ মহন্তৰ৷ শব্দমিশ্রণ অনির্ণ বৰঠাকুৰ, ডি আই কৰিছে সুজিত বৰাই৷ ছবিখনৰ কার্যবাহী প্রযোজক শ্রীকুমাৰ দহোতীয়া আৰু ইৰাৱতী গোহঁাই, সহযোগী প্রযোজক মানস প্রতীম দত্ত, সহঃ প্রযোজক সুজিত বৰা৷ ৰূপসজ্জা পৰাণ শর্ৰ, কলা নির্দেশনা পুণ্যজিত মৰাণৰ, ৰেখাংকন ধীৰুজ্যোতি বুঢ়াগোহঁাই আৰু জিতু বৰাৰ৷
মুম্বাই চলচিচত্র মহোৎসৱৰ লগতে গ্রীচৰ এথেন্স চহৰত অহা নৱেম্বৰত অনুষ্ঠিত হ’ব লগীয়া 57 সংখ্যক থেছালনিক আন্তঃৰাষ্ট্রীয় চলচিচত্র মহোৎসৱেও ‘হান্দুক’ ছবিখনৰ প্রচাৰ আৰু প্রসাৰৰ বাবে বিশেষ সুবিধা প্রদান কৰিছে৷ [উৎস :: দৈনিক জনমভূমি]
0 comments:
Post a Comment