১) দেৱালীৰ নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিধ্বংসী অগ্নিকাণ্ড। ফাঁচীবজাৰত জাহ গ’ল তিনি ব্যৱসায়িক প্ৰতিষ্ঠান। ধুবুৰী-বিলাসীপাৰা-দেৰগাঁও-ঢকুৱাখনা-ৰঙিয়াতো বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল বহু কোটি টকাৰ সম্পত্তি।
২) ভূপালৰ কেন্দ্ৰীয় কাৰাগাৰত নিৰাপত্তাৰক্ষীক হত্যা কৰি ছিমিৰ ৮ সন্ত্ৰাসবাদীৰ পলায়নক লৈ দেশজুৰি চাঞ্চল্য। কাৰাধিক্ষককে ধৰি ৫ বিষয়াক নিলম্বন।
৩) এইবাৰ আৰক্ষীৰ জালত APSCৰ সদস্যৰ দেহৰক্ষী। ডিব্ৰুগড়ত সহকাৰী অভিযন্তাক গ্ৰেপ্তাৰৰ পিছত লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ কৰোৱাৰ নামত উত্কোচ লোৱাৰ অভিযোগত APSCৰ সদস্যৰ দেহৰক্ষীক গ্ৰেপ্তাৰ ।
৪) নিৰ্বাচনত সহায় বিচাৰি বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই সাক্ষাত্কৰিছিল আজমলক। AIUDFৰ সহায় নোহোৱাকৈ কোনেও লখিমপুৰত জয়ী হ’ব নোৱাৰে বুলি দাবী বদৰুদ্দিনৰ।
৫) হৰিষতে বিষাদ, ৰাজ্যজুৰি দেৱালীৰ আনন্দ উল্লাসৰ মাজতে মৰাণত নিশা দুই মটৰ চাইকেলৰ সংঘৰ্ষত নিহত তিনি যুৱক।
৬) চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিনত দেশজুৰি একতাৰ দৌৰ। মৃত্যুবাৰ্ষিকীত দেশবাসীয়ে স্মৰণ কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক।
৭) সীমান্তত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে এছিয়ান চেম্পিয়নছ ট্ৰফী হকীত পাকিস্তানক হৰুৱালে ভাৰতে। মালয়েছিয়াত অনুষ্ঠিত ফাইনেলত ৩-২ গ’লৰ ব্যৱধানত পৰাস্ত পাকিস্তান।
0 comments:
Post a Comment