ইছলামধর্মী লোকসকলৰ পবিত্ৰ মহৰম উৎসৱ আজি





ঐক্য, শান্তি আৰু ভ্রাতৃত্ববােধৰ প্ৰতীক স্বৰূপ পবিত্ৰ মহৰম উৎসৱ আজি । বিশ্বৰ অন্যান্য প্ৰস্তৰ লগত অসমতো ইছলামধর্মী লোকসকলে পালন কৰিব মূহুৰ্ত্তম উৎসব। কুৰুবালাৰ যুদ্ধত শ্বহীদ হােৱা হাছান আৰু হুছেইনৰ স্মৃতি সুৱৰি ইছলামধর্মী লোকসকলে মহৰম উৎসৱ পালন কৰি আহিছে৷ আৰবী মহৰম মাহৰ ১০ তাৰিখে ইছলামধর্মী লোকসকলে ইজনে সিজনক দাৱাত দি (নিমন্ত্রণ জনাই) সু-স্বাদু খাদ্যৰে আপ্যায়ন কৰিব আৰু আনন্দ উপভোগ কৰিব। ধর্মীয় ৰীতি অনুসৰি মহৰমৰ দিনা আৰু তাৰ আগদিনা অর্থাৎ দুদিন ৰোজা পালন কৰিব লাগে। মহৰমৰ দিনা সন্ধিয়া ইফতাৰ কৰাৰ চোৱৈ, খেজুৰ আদিৰে আপ্যায়ন কৰা হয়। ইতিমধ্যে মহৰম উদযাপনৰ বাবে মঙলবাৰে দিনৰ ভাগত ইছলামধর্মী লোকসকলে বজাৰ-সমাৰ কৰাত ব্যস্ত হৈ থকা পৰিলক্ষিত হয়।


Share on Google Plus

About Unknown

0 comments:

Post a Comment