আজিৰ আবেলিৰ মূখ্য বাতৰি সমুহ :::




(১) শিৱসাগৰত ঐতিহাসিক ৰূদ্ৰসাগৰ ন-পুখুৰীৰ পাৰ ভাগি হাহাকাৰ পৰিস্থিতি। ঐতিহাসিক পুখুৰীটোৰ পাৰেৰে ONGC অইলৰ গধুৰ যান-বাহনৰ সঘন চলাচলৰ বাবেই পাৰটো ভাগি যোৱাৰ সন্দেহ।
(২) বৰদোৱাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। গুৰুজনাৰ জন্মস্থানত ৩ দিনীয়াকৈ অনুষ্ঠিত শংকৰ জন্মোত্‍সৱৰ আলোচনা সভাত অংশ ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে।
(৩) ৰঙিয়াৰ এপ’ল বস্ত্ৰ উদ্যোগৰ মৃত্যুঘণ্টা। সক্ৰিয় হৈ থকা একমাত্ৰ ইউনিটটোৰ ৪০০ কৰ্মচাৰীয়েও ৪ মাহ ধৰি পোৱা নাই দৰমহা। ২০০৩তে বন্ধ হোৱা ২টা ইউনিটৰ ৬০০ কৰ্মচাৰীয়ে আজিও নাপালে প্ৰাপ্য।
(৪) মাজুলীত খোৱাপানীত বৰবিহ। ৩২০টা স্থানত খোৱাপানীত অত্যধিক মাত্ৰাত আৰ্ছেনিক। উদ্বিগ্ন মাজুলীবাসী।
(৫) তৃতীয় দিনাও কাশ্মীৰৰ পাম্পৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষ অব্যাহত। JKEDI চৌহদত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তুমুল যুঁজ নিৰাপত্তা বাহিনীৰ। এটা সন্ত্ৰাসবাদী নিহত।
(৬) পুনৰ কাবুলত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। ছিয়াপন্থীৰ আছুৰাৰ আয়োজনত ৩ বন্দুকধাৰীৰ গুলীচালনাত নিহত ১৪, আহত ভালেকেইজন।
Share on Google Plus

About Unknown

0 comments:

Post a Comment