শোণিতপুৰৰ শিঙৰী আৰক্ষী চকীৰ অন্তর্গত বিছকোটি চৰত অস্ত্ৰ-শস্ত্রসহ আটক হয় ১১জন চোৰাং চিকাৰী। আৰক্ষী আৰু এছ টি এফে জানিবলৈ দিয়া মতে, এই চােৰাং চিকাৰীৰ দলটােৱে পূজাৰ সময়ত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যাৰ পৰিকল্পনা কৰিছিল। আটকাধীন চোৰাং চিকাৰীকেইজনৰ নেতৃত্ব দিছিল — ছামছুল নচৰ আৰু হাইবুৰ ইছলাম। জানিব পৰা মতে, ছামছুলৰ বিছকোটি চৰত থকা পাম ঘৰত থাকি চিকাৰীকেইজনে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যাৰ পৰিকল্পনা কৰিছিল। এই বিষয়ে এছ টি এফে আগতীয়া খবৰ লাভ কৰি অভিযান চলাই পুৱতিনিশা প্রায় চাৰি বজাত আটক কৰিবলৈ সক্ষম হয় চোৰাং চিকাৰীৰ দলটােক। ধূত চিকাৰীকেইজনৰ পৰা এটা গ্ৰী নট গ্ৰী ৰাইফল, ৭ জাঁই ৰাইফলৰ সক্রিয় গুলী এটা খেৰৰ মেজিত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ধূত চােৰাং চিকাৰীকেইজনৰ ঘৰ ধিং আৰু জুৰীয়া অঞ্চলত বুলি জানিব পৰা গৈছে।
শোণিতপুৰৰ বিছকোটি চৰত অস্ত্ৰ-শস্ত্রসহ আটক ১১জন চোৰাং চিকাৰী

0 comments:
Post a Comment