কৃষক মুক্তি সংগ্রাম সমিতিৰ ডিব্ৰুগড় জিলাৰ উপ-সভাপতি বিজয় গগৈ আলফাত নতুন সদস্য ভর্তিৰ লগতে আলফাৰ হৈ কাম কৰাৰ অভিযোগত ডিব্ৰুগড় আৰক্ষীৰ হাতত গ্রেপ্তাৰ হ’য় । দীর্ঘদিনৰ পৰা বিজয় গগৈয়ে আলফাৰ স্বাধীন গোটৰ সদস্য পাপু অসমৰ নির্দেশত নতুন সদস্য ভর্তি অভিযান চলাই আহিছিল। খোৱাঙৰ লক্ষী ফুকন নামৰ এজন ব্যক্তিকো বিজয় গগৈয়ে আলফাত নতুন সদস্য ভর্তিৰ ক্ষেত্ৰত নিয়োগ কৰিছিল। কৃষক মুক্তিৰ নেতা বিজয় গগৈ আৰু নির্যাতন বিৰােধী ঐক্যমঞ্চৰ প্ৰতিষ্ঠাপক লক্ষী ফুকনৰ উদ্যোগত মৰাণ আৰু খোৱাং অঞ্চলৰ পৰা দহজনৰাে অধিক যুৱকক আলফাৰ স্বাধীন গোটত যোগদান কৰোৱাৰ ব্যৱস্থা কৰিছিল। আলফাত যোগদানৰ বাবে মৰাণ বেজচুক বঙালী গাঁৱৰ বিজয় বেদীয়া ওৰফে নূৰ চেং ওৰফে বোপা আৰু মৰাণ ৰাণী পথৰ নেওগ উপাধিধাৰী দুজন যুৱকক পঠোৱাৰ ব্যৱস্থা কৰিছিল। যোৱা ৪ অক্টোবৰত মৰাণ আৰক্ষীয়ে আলফাত নতুনকৈ যোগদান কৰিব বিচৰা বিজয় বেদীয়া নামৰ যুৱকজনক গ্রেপ্তাৰ কৰে। বিজয় বেদীয়াই আৰক্ষীৰ জেৰাত কৃষক মুক্তিৰ নেতা বিজয় গগৈ আৰু খোৱাঙৰ লক্ষী ফুকনে আলফাত যোগদান কৰাৰ বাবে পাপু অসম ওৰফে প্রবীণ গগৈ নামৰ আলফা স্বাধীন গোটৰ সদস্যজনৰ লগত যোগাযোগ কৰােৱাৰ কথা স্বীকাৰ কৰে। উল্লেখ্য যে কৃষক মুক্তিৰ নেতা বিজয় গগৈ পূর্বতেও আলফাৰ হৈ কাম কৰাৰ অভিযোগত গ্রেপ্তাৰ হৈ কাৰাবাস ঘাটিব লগা হৈছিল। আৰক্ষীৰ জিন্মাত থকা বিজয় গগৈয়ে আলফা স্বাধীনৰ সদস্য পাপু অসমৰ সৈতে টেলিফোনিক যোগাযোগ থকাৰ কথা স্বীকাৰ কৰিছে।
আলফাৰ হৈ কাম কৰাৰ অভিযোগ::ডিব্ৰুগড়ত গ্রেপ্তাৰ কৃষক মুক্তিৰ নেতা

0 comments:
Post a Comment