হাঁহি শ্রেষ্ঠ প্রকৃতিক ঔষধ:: প্রাণখুলি হাঁহক আৰু নিৰোগী হওঁক



হাঁহি সুখ, আনন্দ আৰু সুস্থতাৰ প্ৰতীক। হাঁচি বা কাহৰ শব্দ শুনিলে যিদৰে আমি এজন লোক অসুস্থ বুলি গম পাওঁ, ঠিক সেইদৰে এমােকোৰা হাঁহিয়ে সুখ-আনন্দৰ বতৰা দিয়ে। এই হাঁহিতেই আছে নানা মনােদৈহিক উপকাৰিতা। কেৱল ধেমালিৰ বাবেই নহয়, হাঁহিয়ে আমাক বহুক্ষেত্ৰত সুস্থ ৰাখিব পাৰে। হাঁহি শক্তিদায়ক, হাঁহিয়ে আমাৰ ৰােগ প্রতিৰােধ শক্তিক উজীৱিত কৰে। হাঁহিয়ে বেথা লাঘৱ কৰে, মানসিক চাপৰ পৰা মুক্তি দিয়ে। বাল্টিমোৰৰ গৱেষকসকলে হাঁহিৰ প্ৰভাৱক লৈ চলাইছে এক গৱেষণা। গৱেষকসকলৰ মতে, ৰোগ নিৰাময়ত হাঁহি উপকাৰী।তেওঁলোকৰ মতে, ক্ৰোধ, ঘৃণাভাবে আমাৰ শৰীৰৰ প্ৰতিটাে ব্যৱস্থা নিস্তেজ কৰি পেলায়। কিন্তু আনন্দই প্ৰতিৰােধ ব্যৱস্থাক উজজীৱিত কৰি ৰাখে। কেলিফ’নিয়াৰ লোমা লিণ্ডা ইউনিভাৰ্চিটীৰ স্কুল অব মেডিচিনৰ গৱেষকসকলৰ মতে, হাঁহিয়ে আমাৰ প্ৰতিৰোধ ব্যৱস্থাক উত্তেজিত কৰা শ্বেতকণিকা ‘টি’ কোষ সৃষ্টিত উদ্ধৃদ্ধ কৰে। ফলত ৰােগ প্ৰতিৰােধ শক্তি দৃঢ় হয়, নানা জীৱাণু সংক্ৰমণৰ বিৰুদ্ধে জয়ী হ’ব পাৰি। হাঁহিয়ে ৰক্তচাপ হ্রাস কৰে। একেদৰে শ্বাসতন্ত্ৰ পৰিষ্কাৰ কৰে হাঁহিয়ে। হাঁহি মৰাৰ ফলত গামা ইন্টাৰফেৰ'ন টি কোষ, বি কোষ বৃদ্ধি পায়। যাৰ বাবে অধিক পৰিমাণে এন্টিবভী সৃষ্টি হয়। আমােদজনক কথা যে ১০০বাৰ হাঁহি মৰাই ১০ মিনিট নাও চলোৱা নাইবা ১৫ মিনিট চুইকেল চালনাৰ সমান কাম কৰে। এইবােৰ কাৰণেই বুলি কােৱা হয়। সেয়ে নিতীে বেছিকৈ হাঁহি জীৱন আনন্দময় তথা সুন্দৰ জীৱন-যাপন কৰােঁ আহক।

Share on Google Plus

About Unknown

0 comments:

Post a Comment