অসমত হিন্দু বাংলাদেশীক কোনো পৰিস্থিতিতে সংস্থাপন কৰিবলৈ দিয়া নহ’ব। সদৌ অসম ছাত্র সস্থাই কালি ৰাজ্যৰ চৌদিশৰ পৰা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক এই সকীয়নি দিলে। ছবছৰজোৰা বিদেশী বিতাড়ন আন্দােলনৰ স্মৃতি উজাগৰ কৰি আছুৱে জোঁৰ সমদলেৰে সমগ্ৰ ৰাজ্য কঁপাই তোলে। কেন্দ্রীয় চৰকাৰ হুচিয়াৰ, হিন্দু বাংলাদেশীৰ সংস্থাপনৰ সিদ্ধান্ত বাতিল কৰক, অসম চৰকাৰৰ ভূমিকা লজ্জাজনক, ধৰ্মৰ ভিত্তিত বিদেশীনাগৰিকক ভাগ ভাগ কৰা নচলিব আদি শ্লোগানত উত্তাল হৈ পৰিল সমগ্র ৰাজ্য। ৰাজ্যৰ প্ৰান্তে প্রান্তে আছু নেতা-কর্মীসকলে হাতে হাতে অগ্নিশিখা লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক হিন্দু বাংলাদেশীক সংস্থাপন কৰিব বিচৰা প্রচেষ্টাৰ পৰা আঁতৰি থাকিবলৈ কঠোৰ সকীয়নি দিয়ে। উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে ১৯৭১ চনৰ পাছত অহা অবৈধ হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰিবলৈ লোৱা ষড়যন্ত্ৰৰ বিৰুদ্ধে আজি সমগ্ৰ ৰাজ্যজুৰি জিলা আৰু মহকুমাৰ সদৰ স্থানত ছাত্র সস্থাৰ সদস্য-সদস্যসকলে জোৰ লৈ সমদল কৰি তীব্র প্রতিবাদ কৰে। বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে ২০১৪ চনলৈ অসমত প্ৰৱেশ কৰা অবৈধ হিন্দু বাংলাদেশীৰ বোজা অসমত জাপি দি অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয় নিঃশেষ কৰিবলৈ লোৱা ষড়যন্ত্র প্রতিহত কৰিবই লাগিব বুলি সকীয়নি দি সদৌ অসম ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে এক প্ৰেছ বিজ্ঞপ্তিত কয়, ‘অসম চুক্তি অনুসৰি সমগ্ৰ দেশৰ হৈ ১৯৭১ চনলৈ অসমত প্ৰৱেশ কৰা হিন্দু-মুছলমান সকলোৰে দায়িত্ব অসমে ল’লে। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে পুনৰ ’৭১ চনৰ পাছত অহা হিন্দু বাংলাদেশীৰ বােজা অসমত জাপি দিবলৈ কৰা ষড়যন্ত্র চূড়ান্ত অসমবিৰােধী আৰু ই খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকিস্বৰূপ। এনে কার্য ছাত্র সস্থাই কোনো জনসাধাৰণৰ সহযোগত তীব্র আন্দােলন ধাৰাবাহিকভাৱে কৰাৰ বাবে আছু বদ্ধপৰিকৰ। বিবৃতিটােত ছাত্র সস্থাৰ সভাপতি-সম্পাদকদ্বয়ে লগতে কয় যে ভাৰত চৰকাৰৰ খিলঞ্জীয়া আৰু খিলঞ্জীয়া অসমীয়া জাতিধ্বংসী মনোবৃত্তি আৰু অসম চৰকাৰৰ দুৰ্বলতাৰ বিৰুদ্ধে ভৱিষ্যতে এই আন্দােলনে ব্যাপক ৰূপ ধাৰণ কৰিব। ছাত্র সন্থাই ইতিমধ্যে অসমৰ সকলো জাতি-জনগোষ্ঠীয় সংগঠনৰ লগত আলাপ-আলোচনা অব্যাহত ৰাখিছে। অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বার্থক জলাঞ্জলি দি অসম চুক্তি অৱজ্ঞা কৰা কেন্দ্রীয় চৰকাৰৰ এনে সিদ্ধান্ত বাতিল হ’বই লাগিব। ইপিনে, গুৱাহাটীত সদৌ অসম ছাত্র সস্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্য, তথ্য সম্পাদক প্রকাশ দাস, কার্যালয় সম্পাদক ধৰ্মেশ্বৰ দাসে সমদলত অংশগ্রহণ কৰি কয়, “অসমত খিলঞ্জীয়া মানুহৰ পৰিচয় আৰু প্ৰভুত্ব নিঃশেষ কৰা দিল্লীৰ ষড়যন্ত্র নচলিব।’
Home / হিন্দু বাংলাদেশী
/ হিন্দু বাংলাদেশীৰ সংস্থাপনৰ বিৰুদ্ধে আছুৰ হুংকাৰ::জোঁৰ সমদলেৰে কঁপালে সমগ্ৰ ৰাজ্য
Subscribe to:
Post Comments
(
Atom
)
Very good
ReplyDelete