অসমীয়া উদ্যোগীলৈ ৰাষ্ট্ৰীয় বঁটা :: ৰাষ্ট্ৰীয় স্তৰত উজলিল পৱিত্ৰ বুঢ়াগোহাঁই


কেন্দ্রীয় চৰকাৰৰ ক্ষুদ্র, লঘু আৰু মজলীয়া প্রতিষ্ঠান মন্ত্ৰালয়ে আগবঢ়োৱা ২০১৪-১৫ বৰ্ষৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে গুৱাহাটীৰ লখাৰাৰ লালুং গাঁওস্থিত অৰিয়েণ্ট প্ৰচেছছ প্রাইভেট লিমিটেড নামৰ এক মজলীয়া উদ্যোগৰ পৰিচালন সঞ্চালক পৱিত্ৰ বুঢ়াগোহাঁয়ে । আই এছ অ’ স্বীকৃতিপ্রাপ্ত বুঢ়াগোহাঁইৰ উদ্যোগত কপাহী সূতা উৎপাদন আৰু ৰং কৰা হয়। এই উদ্যোগটাে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্র উদ্যোগ, য’ত ইটালী, হংকং, জার্মানী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আমদানি কৰা অত্যাধুনিক প্রযুক্তিসম্পন্ন যন্ত্রৰে সূতা উৎপাদন কৰা হয়। শিৱসাগৰ জিলাৰ নাজিৰাৰ মেজোঙা হাইস্কুলৰ প্ৰয়াত শিক্ষক মাণিক চন্দ্ৰ বুঢ়াগোহাঁইৰ জ্যেষ্ঠ পুত্ৰ পৱিত্ৰ বুঢ়াগোহাঁয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ব্যৱসায় পৰিচালনা কৰা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণৰ অন্তত অনুধাৱন কৰিছিল যে উত্তৰ-পূৰ্বাঞ্চলৰ শিপিনীসকলে উন্মত মানৰ কেঁচামাল অর্থাৎ সূতাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হােৱাৰ বাবেeস্তৰত  অঞ্চলটােৰ হস্তীৰ্তাত শিল্প বাণিজ্যিকভাৱে সফল হ’ব পৰা নাই। এই সমস্যা সমাধানৰ উদ্দেশ্যে বুঢ়াগোহাঁয়ে ২০১০ চনত অৰিয়েণ্ট প্ৰচেছৰ্ছ প্রাইভেট লিমিটেড, ইউনিট-টু-টেক্সটাইল ডিভিজন নামেৰে ইতিপূর্বে প্রতিষ্ঠা কৰা উদ্যোগটােৰ দ্বিতীয়টাে গোট গঢ়ি তােলে। এই উদ্যোগটােৱে উৎপাদন কৰা আন্তর্জাতিক মানসম্পন্ন ৰঙীন কপাহী সূতাৰ ৰং ধুলেও আৰু ৰ’দত শুকুৱালেও নাযায় তথা এই সূতা নিয়াৰিকৈ পকোৱা আৰু জটবিহীন।  সম্প্রতি এই উদ্যোগটােৱে উৎপাদন কৰা সূতা নেপাল আৰু ভূটানলৈকো ৰপ্তানি কৰা হৈছে। এই উদ্যোগটােৱে ‘ৰামধেনু ব্ৰেণ্ড নামেৰে এক উন্নতমানৰ সূতা উৎপাদন কৰিছে। পৱিত্ৰ বুঢ়াগোহাঁইৰ নিৰলস প্রচেষ্টাৰ স্বীকৃতি স্বৰূপে কেন্দ্রীয় চৰকাৰৰ ক্ষুদ্র, লঘু আৰু মজলীয়া প্রতিষ্ঠান মন্ত্রালয়ে তেওঁক ২০১৪-১৫ বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় বঁটা আগবঢ়াইছে। নগদ ধন, মানপত্রসহ এটা ট্ৰফী এই বঁটাত আছে। লুধিয়ানাস্থিত পঞ্জাব কৃষি বিশ্ববিদ্যালয়ত আজি আয়ােজিত এক অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত কেন্দ্রীয় চৰকাৰৰ বিভাগীয় মন্ত্রীয়ে বুঢ়াগোহাঁইক এই বঁটা প্রদান কৰে।





Share on Google Plus

About Unknown

0 comments:

Post a Comment