কাশ্মীৰত আত্মগোপন সন্ত্রাসবাদীৰ:: সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান তীব্রতৰ

এল অ' চি অতিক্ৰমি পাক অধিকৃত কাশ্মীৰত আত্মগোপন কৰি থকা অতি কমেও ২৫০ সন্ত্রাসবাদীক নিৰাপত্তা বাহিনীৰ ওপৰত আক্রমণ কৰিবলৈ পাক সন্ত্রাসবাদী সংগঠনৰ শীর্ষ নেতাই নির্দেশ দিছে। চোৰাংচোৱাৰ তথ্যৰ আধাৰত শীর্ষ চৰকাৰী বিষয়াই প্রকাশ কৰা মতে অশান্ত কাশ্মীৰত ছাৰ্জিকেল ষ্ট্রাইকৰ পূর্বেই পাক চৰকাৰৰ মদতপুষ্ট তিনি জেহাদী সংগঠন লস্কৰ-ই-তৈবা, জইছাইমহম্মদ আৰু হিজবুল মুজাহিদীনৰ ২৫০ দুর্ধর্ষ সদস্যই অনুপ্ৰৱেশ কৰি কাশ্মীৰ উপত্যকাত আত্মগোপন কৰি আছে। ইপিনে, ছাৰ্জিকেল ষ্ট্রাইকৰ পাছতে পাক মদতপুষ্ট সন্ত্রাসবাদী সংগঠনকেইটাৰ নেতৃত্বই প্রতিশোধকল্পে সীমান্তৰ লগতে কাশ্মীৰ উপত্যকাৰ নিৰাপত্তা বাহিনীক আক্রমণ কৰিবলৈ কঠোৰ নির্দেশ দিছে। চােৰাংচােৱা সূত্ৰৰ আধাৰত লাভ কৰা তথ্যৰ পাছতেই কেন্দ্রীয় চৰকাৰে জম্মুকাশ্মীৰত কৰ্মৰত নিৰাপত্তা বাহিনীক সতর্ক হৈ থকাৰ লগতে নিৰাপত্তা বাহিনীক থাকিবলৈ নির্দেশ দিছে। সূত্ৰ মতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু এল অ' চিত তীক্ষ্ণ দৃষ্টি ৰখাৰ পাছতো ভৌগোলিক অৱস্থিতিৰ সুযোগ লৈ সন্ত্রাসবাদীয়ে অনুপ্রৱেশ কৰিবলৈ সক্ষম হৈ আছে। সশস্ত্র সেনা, বি এছ এফ, চি আৰ পি এফ আৰু জম্মুকাশ্মীৰৰ আৰক্ষীয়ে কেন্দ্রীয় চৰকাৰৰ পৰা নির্দেশ লাভ কৰাৰ পাছতেই আত্মগোপন কৰি থকা সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে। প্ৰসংগক্ৰমে উনুকিয়াব পাৰি যে বিগত সপ্তাহত পাক অধিকৃত কাশ্মীৰৰ এল অ' চিৰ সমীপত ভাৰতীয় ভূমিত অনুপ্ৰৱেশ কৰিবলৈ ১০০ সন্ত্রাসবাদীয়ে খাপ পিটি থকাৰ তথ্য চোৰাংচোৱাই লাভ কৰাৰ পাছত কাশ্মীৰ উপত্যকাত নিৰাপত্তা বাহিনীক আক্ৰমণৰ বাবে ২৫০ সন্ত্রাসবাদী আত্মগোপন কৰি থকাটাে তাৎপর্যপূর্ণ। উল্লেখ্য যে বিগত এটা মাহত নিৰাপত্তা বাহিনীয়ে ৪০টাতকৈ অধিক সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰিছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment