শুৱালকুছিৰ ঐতিহাসিক পাট-মুগা বস্ত্ৰই যাতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰি শিল্পটোৰ উন্নতি ঘটাব পাৰে তাৰ বাবে অসম সমবায় ৰেচম প্রতিষ্ঠানে অনলাইন ই কমার্চ ব্যৱস্থাৰ জৰিয়তে এক নতুন সংযোজন কৰিব । অসমৰ অন্যতম প্রাথমিক বোৱা-কটা সমবায়ৰ স্বীকৃতি লাভ কৰা শুৱালকুছিৰ অসম সমবায়ে ৰেচম প্রতিষ্ঠানত কালি অনুষ্ঠিত এখন সংবাদ মেলত এই বিষয়ে সদৰী কৰি সমবায় পৰিচালনা সমিতিৰ সভাপতি দেৱীৰাম দাস, সম্পাদক ৰমেন কলিতাই www.assamsilkpratisthan.com সেৱা মুকলি কৰাৰ লগতে কমার্চ সেৱাও মুকলি কৰিব বুলি জানিবলৈ দিছে। সংবাদ মেলত তেওঁলোকে জানিবলৈ দিয়া মতে এই ৱেবছাইটটােত শুৱালকুছিৰ শিপিনীৰ উৎপাদিত পাট-মুগা, তাঁচ কাপোৰৰ বিভিন্ন ডিজাইন, বিভিন্ন ৰঙৰ কাপোৰৰ চানেকীৰ নমুনা আৰু মূল্য নির্ধাৰণ কৰা থাকিব। প্ৰতিখন কাপোৰৰ বিপৰীতে এটা নম্বৰ থাকিব। গ্রাহকে নিজৰ ম’বাইলৰ জৰিয়তে কাপোৰৰ ডিজাইন পছন্দ কৰি কাপোৰৰ নম্বৰটো পঠালে নির্দিষ্ট ঠাইলৈ ঠিকনা মতে কাপোৰ পঠোৱাৰ ব্যৱস্থা কৰা হ’ব। বর্তমান ৰাষ্ট্ৰীয় বজাৰৰ বাবে এই সেৱা উপলব্ধ হ’ব যদিও কেইমাহমানৰ ভিতৰতে এই সেৱা আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ সম্প্রসাৰণ ঘটােৱা হ’ব বুলি সংবাদ মেলত অৱগত কৰে। ৫ অক্টোবৰৰ দুই বজাত ৱেবছাইটটােৰ উদ্বোধনী হ’ব। পাট-মুগা আৰু তাঁচ কাপোৰৰ ১০০ শতাংশ শুদ্ধতা থকা সমবায়খনে এই নতুন সেৱাৰ জৰিয়তে কমেও ২৫ লাখ টকা বছৰত ব্যৱসায় কৰাৰ সুযোগ পাব বুলি আশা প্রকাশ কৰে। তেওঁলোকৰ বেৱছাইট গুগলত উপলব্ধ হ’ব বুলিও উল্লেখ কৰে। ৱেবছাইট মুকলিয়ে সমবায় খণ্ডৰ ইতিহাসত এটা নতুন সংযোজন ঘটিব বুলি বিভিন্নজনে মতামত আগবঢ়াইছে।
Subscribe to:
Post Comments
(
Atom
)

I want to marketing of your product like finale cloth.
ReplyDelete