পাক অধিকৃত কাশ্মীৰত ভাৰতীয় সেনাৰ ছাৰ্জিকেল ষ্টুইকক লৈ দুই দেশৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ সময়তে কালি পাক প্রধানমন্ত্রী নৱাজ শ্বৰীফে সর্বদলীয় বৈঠক অনুষ্ঠিত কৰে। এতিয়া এই বিষয়টােৱে তাৎপর্য বহন কৰিছে। পাক অধিকৃত কাশ্মীৰত ভাৰতীয় সেনাৰ ছাৰ্জিকেল ষ্ট্রাইকক অস্বীকাৰ কৰি থকাৰ পাছতেই পাক প্রধানমন্ত্রীগৰাকীয়ে এই বিষয়টোক লৈয়ে সর্বদলীয় বৈঠক অনুষ্ঠিত কৰি দেশখনে চলাই অহা মিথ্যাচাৰ প্ৰমাণ কৰিলে বুলিও সংবাদ মাধ্যমত চৰ্চিত হৈছে। প্রধানমন্ত্রী শ্বৰীফৰ পাকিস্তান মুছলিম লীগ- নৱাজ (পিএমএলএন), বিৰােধী পাকিস্তান পিপল পাটী (পিপিপি) আৰু ইমৰান খান নেতৃত্বাধীন পাকিস্তান তেহেৰিক-ই-ইনচাফে (পিটিআই) বৈঠকৰ সময়ত ভাৰতৰ বিৰুদ্ধে সৃষ্টি হােৱা পৰিৱেশক লৈ গভীৰ উদ্বেগ প্রকাশ কৰি কেইবাটাও গুৰুত্বপূর্ণ প্রস্তাৱ গ্ৰহণ কৰে। ভুল নীতিৰ বাবেই ভাৰতৰ সৈতে সংঘাত তীব্রতৰ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত সর্বদলীয় বৈঠক আহ্বান কৰি পাক প্রধানমন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্রীয় মঞ্চত দেশখনে কিদৰে ভাৰতৰ বিৰুদ্ধে অভিযান চলাব পাৰে তাক লৈও আলোচনা কৰে।
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment