চীনা সামগ্ৰী বর্জন কৰিবলৈ মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মুকলি আহ্বান


মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এইবাৰ দুৰ্গা পূজাৰ বতৰত চীনত নির্মিত সামগ্ৰীৰ ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে । সোমবাৰে গুৱাহাটীত এক অনুষ্ঠানত অংশ লৈ সংবাদ মাধ্যমৰ আগত মন্ত্রী ড° শৰ্মাই কয়— ‘পূজাত চীনৰ সামগ্ৰী ৰাইজে বর্জন কৰক। চীনৰ সামগ্ৰীৰ বিপৰীতে থলুৱা দেশীয়ভাৱে উৎপাদিত চাকি, লাইট, বাচন-বৰ্তন আদি ব্যৱহাৰ কৰিব লাগে। ‘মেড ইন চাইনা’ লিখা কোনো বস্তু ব্যৱহাৰ কৰিব নালাগে। ৰাইজৰ প্রতি এয়া মোৰ ব্যক্তিগত আহ্বান। ‘মেকইন ইণ্ডিয়াৰ দৰে আমি “মোক ইন আছাম’ বনাব লাগিব।
Share on Google Plus

About Unknown

0 comments:

Post a Comment