ৰিলায়েন্সৰ JIO সেৱা উদ্বোধন::: মোবাইল সেৱাৰ বিভিন্ন প্লেন ঘোষণা

 মুম্বাইত আজি ৰিলায়েন্সৰ ৪২ সংখ্যক বার্ষিক সভা খনি অনুষ্ঠিত হয়। শ্বেয়াৰ হ'ল্ডাৰসকলক ধন্যবাদ জ্ঞাপন কৰি ভাষণ প্ৰদান কৰে ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীয়ে। সভাত JIO সেৱা আৰম্ভ কৰি মুকেশ আম্বানীয়ে বহু যুগান্তকাৰী সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। প্ৰথমবাৰৰ বাবে ফ্ৰী ভইচ কল, ফ্ৰী ৰোমিং চাৰ্জ, প্ৰতি GBত ৫০ টকাৰ ডাটা প্লেন, ছাত্ৰৰ বাবে ২৫ শতাংশ অধিক ডাটা, ডিচেম্বৰলৈ ফ্ৰী ডাটা ছাৰ্ভিচ, কম ডাটা ব্যৱহাৰকাৰীৰ বাবে ১৯ টকাৰ ডাটা প্লেন, অধিক ডাটা ব্যৱহাৰকাৰীৰ বাবে ১৪৯ টকাৰ ডাটা প্লেন, হেভী ডাটা ব্যৱহাৰকাৰীৰ বাবে প্ৰতিমাহে ৪,৯৯৯ টকাৰ ডাটা প্লেন আদিৰ দৰে বহু গুৰুত্বপূৰ্ণ সেৱাৰ ঘোষণা কৰে। জিঅ' সেৱাৰ জৰিয়তে ৰিলায়েঞ্চে ১০০ মিলিয়ন গ্ৰাহকক সামৰি ল'ব বুলিও মন্তব্য কৰি আম্বানীয়ে কয় যে জিঅ'ই সলনি কৰি দিব দেশৰ চেহেৰা। মোবাইল সেৱা ব্যৱহাৰকাৰীৰ TOP-10ত থাকিব ভাৰত। 4Gৰ সেৱাৰে আৰম্ভ হ'বলগীয়া JIO নেটৱৰ্কে মোবাইল সেৱাত নতুন যুগৰ সূচনা কৰিব। পিছলৈ 5G আৰু 6Gলৈ উন্নীত হ'ব জিঅ'। বিশ্বৰ ভিতৰত সস্তাৰ নেটৱৰ্ক ডাটা হ'ব জিঅ'। LYF DEVICE পাব মাত্ৰ ২,৯৯৯ টকাতে। অত্যাধুনিক এপ্লিকেচনৰ লগতে JIO TVত ৩০০টা পাব চেনেল LIVE। পাব ৬০০ চিনেমা, ৬০ হাজাৰ গান বিনামূল্যে।
২০১৭ৰ ভিতৰত ৯০ শতাংশ ভাৰতীয়ক সামৰি লোৱাৰ লক্ষ্যৰে আৰম্ভ কৰিবলৈ লোৱা জিঅ' সেৱাত থাকিব বহু অত্যাধুনিক সুবিধা। দিল্লী আৰু মুম্বাইত আজিয়ে এই সেৱা মুকলি হ'ব আৰু এসপ্তাহৰ ভিতৰত দেশৰ সকলো ঠাইকে সামৰি লোৱা হ'ব। এই সেৱাই সামৰি লৈছে ১৮,০০০ চহৰ লগতে ২ লাখ গাঁও।আধাৰ কাৰ্ডৰ জৰিয়তে অতি সহজতে ১৫ মিনিটতে সংযোগ ল'ব পৰা জিঅ' সেৱাৰ জৰিয়তে গ্ৰাহকে পাব উচ্চ ক্ষমতাসম্পন্ন ব্ৰডবেণ্ড সেৱা, বিশ্বৰ সবাতোকৈ কম খৰচৰ 4G স্মাৰ্টফোন। লগতে গ্ৰাহকে ভইচ বা ডাটা যিকোনো এটাৰহে খৰচ বহন কৰিব লাগিব। ৫ ছেপ্টেম্বৰত শিক্ষক দিৱসত মুকলি হ'৸ব জিঅ' সেৱা। ৫ ছেপ্টেম্বৰত জিঅ' সেৱাৰ Welcome Offer। ৫ ছেপ্টেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ গ্ৰাহকে পাব বিনামূলীয়া সেৱা। আনলিমিটেড ডাটা, নাইট কল, ভইচ কল ফ্ৰী পাব বুলিও ঘোষণা কৰে মুকেশ আম্বানীয়ে।জিঅ' সেৱাৰ জৰিয়তে শ্ৰেণী কোঠাত বিনামূলীয়া হ'ব WI-FI। শিক্ষাৰ্থীৰ বাবে জিঅ'ৰ ২৫ শতাংশ ৰেহাইৰ ব্যৱস্থা। দেশৰ ৩০ হাজাৰ শিক্ষানুষ্ঠান জিঅ' WI-FIৰে সংযুক্ত হ'ব।অনুষ্ঠানত ৰিলায়েঞ্চৰ অধ্যক্ষগৰাকীয়ে কয় যে - 'দেশত বিক্ৰী হোৱা ৭০ শতাংশ স্মাৰ্টফোনেই 4G। কিন্তু মই ভাবো, এয়া যথেষ্ট নহয়। সেয়ে ৰিলায়েঞ্চে ২,৯৯৯ টকাত 4G স্মাৰ্টফোন নিৰ্মাণ কৰিছে। যিয়ে ভাৰতবাসীক 4G ব্যৱহাৰৰ নিশ্চিতি প্ৰদান কৰিব।' ৪-৬ সপ্তাহত ভাৰতৰ সকলো বিপণীত ইয়াক উপলব্ধ কৰাৰ লক্ষ্য লৈছে ৰিলায়েঞ্চে।
ইয়াৰোপৰি ৰিলায়েঞ্চৰ অধ্যক্ষ মুকেশ আম্বানীয়ে জিঅ' সেৱা সম্পৰ্কত বহু গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়ায়। জিঅ' সেৱাৰ জৰিয়তে ডিজিটেল জগতখনত ভাৰত যে আৰু বহুদূৰ আগুৱাই যাব সেয়া নিশ্চিতভাৱে ক'ব পৰা যায়।
Share on Google Plus

About Unknown

0 comments:

Post a Comment