আক্রাছুয়ে (বি)ৰ এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা ;; পৃথক কমতাপুৰ ৰাজ্যৰ দাবী


পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত আক্রাছুয়ে (বি)য়ে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। সেই অনুসৰি, অহা ২২ ৰাজভবনৰ সন্মুখত ধর্ণা ,২৪ অক্টোবৰত দুঘণ্টীয়া ৰে’ল অৱৰােধ, ২ নৱেম্বৰত এহেজাৰ ঘণ্টীয়া চকাবন্ধ আৰু ১৭ ডিচেম্বৰত দিল্লীৰ যন্তৰী-মস্তৰত তিনিঘণ্টীয়া অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰিব। সেইদৰে চলিত মাহৰ পৰা প্ৰতিখন জিলাতে নাগৰিক সভা অনুষ্ঠিত কৰিব সংগঠনটােৱে। কালি বঙাইগাওস্থিত সংগঠনটোৰ কাৰ্যালয়ত অনুষ্ঠিত কার্যনির্বাহক সভাত এই আন্দােলনৰ কাৰ্যসূচী হাতত লয়। সংগঠনটােৱে পুনৰ ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি পৃথক ৰাজ্য গঠন আৰু ১৯৯৭ চনৰ ১৫জনীয়া বাছনি সমিতিয়ে দাখিল কৰা প্রতিবেদনৰ ভিত্তিত জনজাতিকৰণৰ দাবী জনায়। সেইদৰে বিদেশী হিন্দুসকলক নাগৰিকত্ব প্ৰদানৰ পূর্বে কমতাপুৰ আৰু জনজাতিকৰণৰ লগতে প্রচলিত ভূমিনীতি সলনি কৰি সংসদীয় আৰু বিধানসভা সমষ্টিসমূহ সংৰক্ষণৰ বাবে সংগঠনটােৱে কেন্দ্রীয় চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।


Share on Google Plus

About Unknown

0 comments:

Post a Comment