কাজিৰঙা কাণ্ডৰ প্ৰতিবাদত আমছুৰ অসম বন্ধ::যান-বাহনৰ ক্ষতি, সমৰ্থকক গ্রেপ্তাৰ



Image result for aamsu assam bandh

কাজিৰঙা কাণ্ডৰ প্ৰতিবাদত আমছুৱে কালি জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ মিশ্রিত প্ৰভাৱ পৰিলক্ষিত হৈছে। ৰাজ্যখনৰ কিছুমান অঞ্চলত বন্ধৰ সর্বাত্মক, কোনো কোনো অঞ্চলত আংশিক প্ৰভাৱ পৰাৰ বিপৰীতে কোনো কোনো অঞ্চলত বন্ধৰ কোনো প্ৰভাৱেই নপৰিল।ইয়াৰ মাজতে কিছু কিছু অঞ্চলত বন্ধৰ সমর্থকে যান-বাহনৰ ক্ষতি কৰা, ৰাজপথত টায়াৰ জ্বলোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে। নগাঁও জিলাত বন্ধৰ প্ৰভাৱ সীমিত হােৱাৰ বিপৰীতে হােজাই জিলাত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয়। ১২ গৰাকী বন্ধৰ সমৰ্থকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে।.নীলবাগান আৰু কপাহবাৰীত বন্ধৰ সমর্থকে ৰাজপথত টায়াৰ জুলাই পৰিস্থিতি উত্তাল কৰি তোলে। হােজাইৰ কপাহবাৰী চাৰিআলিত কেইবাশ ছাত্র হঠাতে ৰাজপথত ওলাই অহাৰ লগতে চাৰিখনকৈ গাড়ীত আক্রমণ কৰি আংশিকভাৱে ক্ষতি কৰে। অসম বন্ধৰ প্ৰভাৱ নাজিৰা মহকুমাৰ বিভিন্ন স্থানৰ লগতে গেলেকীতো পৰে। বন্ধৰ সময়ছোৱাত নাজিৰা নগৰৰ শিক্ষানুষ্ঠান, বিত্তীয় প্রতিষ্ঠান, ব্যৱসায় প্রতিষ্ঠানৰ লগতে অ’ এন জি চি অসম সম্পদৰ মুখ্য কার্যালয়ৰ কাম-কাজ স্তব্ধ হৈ পৰে।অসম বন্ধৰ আংশিক প্ৰভাৱ টেঙাখাততো পৰিলক্ষিত হয়। বন্ধৰ সময়ছোৱাত পুৱাৰ ভাগত কিছুসংখ্যক বন্ধ সমর্থকে ঘাইপথৰ ওপৰতটায়াৰ জুলাই আৰু বলপূর্বকভাৱে দােকান-পোহাৰ বন্ধ কৰি বন্ধৰ সমৰ্থৱ আদায় কৰিবলৈ অপচেষ্টা চলায় যদিও টেঙাখাত থানাৰ আৰক্ষীয়ে বাধা দিয়াত বন্ধ সমর্থকৰ দলটাে আঁতৰি যায়।
অসম বন্ধৰ প্ৰভাৱ ডিব্ৰুগড়ত পৰা পৰিলক্ষিত নহ’ল। বন্ধৰ আহ্বানক প্রত্যাহ্নবান জনাই ৰাজপথলৈ ওলাই আহিল ডিব্ৰুগড় চহৰবাসী। আমাছুৰ বন্ধৰ বিৰুদ্ধেডিব্ৰুগড় বাসীয়ে ৰাজপথত যান-বাহন চলোৱাৰ লগতে সকলো ব্যৱসায়-প্রতিষ্ঠানাে খোলা ৰখা পৰিলক্ষিত হয়। অসম বন্ধৰ প্ৰভাৱ ধুবুৰী সদৰ চহৰত আংশিকভাৱে পৰে। ধুবুৰী সদৰৰ সকলো চৰকাৰী কার্যালয়, বেংক, বিত্তীয় প্রতিষ্ঠান আদি খোলা থাকে। অৱশ্যে বন্ধৰ সময়ছোৱাত ধুবুৰীৰ পৰা অন্যান্য ঠাইলৈ যাবলগীয়া যাত্রীবাহী বাছ, ট্রক আদিৰ চলাচল বন্ধ থাকে। । অসম বন্ধৰ আংশিক প্ৰভাৱ পৰে গোৱালপাৰা চহৰত। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল বন্ধ থাকিলেও সম্পূৰ্ণৰূপে খোলা থকা দেখা গ’ল গোৱালপাৰা চহৰৰ ব্যৱসায়িক প্রতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কার্যালয়। চহৰখনৰ মাজমজিয়াত থকা সকলো দোকান পুৱাৰ পৰা খোলা থকাৰ লগতে যান-বাহনসমূহৰাে চলাচল চহৰৰ মাজতে অব্যাহত থাকে। বঙাইগাঁও জিলাৰ সংখ্যালঘু বসতিপ্রধান এলেকাসমূহত ব্যাপকভাৱে বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হয়। বন্ধৰ সময়ছোৱাত তালগুৰিবাসুগাঁও গড়কাপ্টানী পথৰ ধনতোলাত বিদ্যাপুৰ-বঙাইগাঁও পথৰ কাকৰা গাঁৱত পথৰ ওপৰত টায়াৰ জুলাই প্রতিবাদী কাৰ্যসূচী পালন কৰে। যোগীঘোপা ও যোগীঘোপা অঞ্চলত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। বন্ধৰ সময়ছোৱাত অঞ্চলটােৰ চৰকাৰী তথা বেচৰকাৰী অনুষ্ঠান-প্রতিষ্ঠানসমূহ বন্ধ থাকে। কাবাইটাৰী সাপ্তাহিক বজাৰখনাে বন্ধ থাকে। অসম বন্ধৰ মিশ্রিত প্ৰভাৱ পৰে কোকৰাঝাৰ জিলাত। কোকৰাঝাৰ সদৰ চহৰত বন্ধৰ কোনাে প্ৰভাৱ নপৰিল। ইয়াৰ বিপৰীতে সংখ্যালঘু অধুষিত অঞ্চলসমূহত বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হয়।সীমান্ত চহৰ মানকাচৰত দোকান-পোহাৰ, শিক্ষানুষ্ঠান, বেংক, ডাকঘৰ, চৰকাৰী অফিচ, বেচৰকাৰী প্রতিষ্ঠান খোলা থকাৰ লগতে যানবাহনৰ চলাচল স্বাভাৱিক আছিল। অৱশ্যে দক্ষিণ শালমাৰা অঞ্চলত একাংশ প্রতিষ্ঠান বন্ধ থকাৰ লগতে দক্ষিণ শালমাৰাধুবুৰী নাও সেৱা বন্ধ থাকে। অসম বন্ধৰ প্ৰভাৱ লক্ষীগঞ্জত আংশিক আছিল। অসম বন্ধৰ সময়ছােৱাত আজি বঙাইগাঁৱত উত্তেজনাপূর্ণ পৰিস্থিতিৰ সৃষ্টি হয়। বন্ধৰ সময়ছোৱাত একাংশই ব্যৱসায়িক প্রতিষ্ঠান খোলা ৰখাৰ ফলত বন্ধৰ সমর্থকে বন্ধ পালনৰ বাবে হেঁচা দিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ মাজতে বঙাইগাঁৱৰ প্ৰায়সংখ্যক দোকান-পোহাৰ খোলা থকা পৰিলক্ষিত হয়। ইফালে, বন্ধ সমর্থকে নিউ বঙাইগাঁৱত ৰাজপথত টায়াৰ জুলাই প্রতিবাদ সাব্যস্ত কৰে। অসম বন্ধত জাগীৰােডত কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হয়। জাগীৰােডৰ নিকটৱৰ্তী চেনিমাৰীত এখন বাহনৰ ক্ষতি কৰে বন্ধৰ সমর্থকে। বন্ধৰ সময়ছোৱাত জাগীৰােডৰ সকলো ব্যৱসায়িক প্রতিষ্ঠান, বিদ্যালয়-মহাবিদ্যালয়, বেংক আদি খোলা থকাৰ লগতে সকলো যানবাহন নিয়মিতভাৱে চলাচল কৰা পৰিলক্ষিত হয়। অসম বন্ধৰ সময়ত বাগসাৰ আনন্দ বজাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। তথ্য অনুসৰি আজি পুৱাৰ ভাগত বাগসােৰ এখন গুৰুত্বপূর্ণ বাণিজ্যিক কেন্দ্ৰস্থল আনন্দ বজাৰত আমাছৰ একাংশ সমর্থকে ব্যৱসায়িক প্রতিষ্ঠান বন্ধ কৰিবলৈ অনুৰােধ জনায় যদিও ব্যৱসায়ীসকলে সন্মতি প্রদান কৰাৰ বিপৰীতে দােকান খুলি বন্ধৰ সমৰ্থন নকৰােঁ বুলি প্রত্যাহ্বান জনায় আৰু আমাছৰ নেতৃবৃন্দৰ সৈতে ব্যৱসায়ীসকল তর্কাতর্কিত লিপ্ত হােৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
Share on Google Plus

About Unknown

0 comments:

Post a Comment