মুম্বাইৰ বইছ অঞ্চলৰ হেল্পী জীৱন নামৰ এটা কো-অপাৰেটিভ আৱাসিক ছ’চাইটীৰ ১১ জন সদস্যৰ বিৰুদ্ধে মুছলমান পৰিয়ালক ফ্লেট দিবলৈ অস্বীকাৰ কৰাৰ অভিযোগত গোচৰ ৰুজু হৈছে। ইয়াৰে ৯ জনক গ্রেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। অৱশ্যে পিছলৈ তেওঁলোকক জামিনত মুক্তি দিয়া হয়। উল্লেখনীয় যে এজন ব্যক্তিক ধৰ্মৰ নামত ছ'চাইটীৰ সদস্যসকলে ঘৰ আবণ্টন দিবলৈ অস্বীকাৰ কৰাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৯৫(এ) ধর্মীয় অনুভূতিক আঘাত কৰা সন্দৰ্ভত গোচৰ পঞ্জীয়ন হয়।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment