বর্ষীয়ান সাহিত্যিক নলিনীধৰ ভট্টাচাৰ্য চিকিৎসাধীন

সাহিত্য অকাডেমি বঁটাপ্ৰাপক বর্ষীয়ান সাহিত্যিক নলিনীধৰ ভট্টাচাৰ্য জ্বৰ আৰু পেটৰ অসুখত ভুগি থকাত গুৱাহাটীৰ জি এন আৰ চিত চিকিৎসাধীন হৈ আছে।তেখেতৰ শাৰীৰিক অৱস্থা যথেষ্ট জটিল হৈ পৰাৰ লগতে শ্বাস-প্রশ্বাসত অসুবিধা পোৱাত তেওঁক চিকিৎসকে উভেণ্টিলেচনত ৰখাৰ ব্যৱস্থা কৰিছে ।চিকিৎসকে জানিবলৈ দিয়া অনুসৰি, যথেষ্ট বয়স হােৱা হেতু সাহিত্যিকগৰাকীক জ্বৰ আৰু পেটৰ অসুখে স্বাস্থ্যৰ বহু অৱনতি ঘটাইছে। একে সময়তে ভালদৰে শ্বাস-প্রশ্বাস ল’ব নোৱাৰা বাবেও কম সময়ৰ ভিতৰতে গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। আনহাতে, কবি-সমালোচকগৰাকীয়ে ভালদৰে খাদ্য গ্রহণ কৰিব পৰা নাই। এনে অৱস্থাত শৰীৰৰ বহু অংশয়ো ভালদৰে কাম কৰা নাই।ল্লেখ্য যে বিগত দীর্ঘদিন ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ থকা বাবে সাহিত্য চর্চা অব্যাহত ৰাখিব পৰা নাছিল।
Share on Google Plus

About Unknown

0 comments:

Post a Comment