প্ৰৱঞ্চক পুলিন গগৈক গ্ৰেপ্তাৰ::

অৱশেষত আৰক্ষীৰ জালত পৰিল প্ৰৱঞ্চক পুলিন গগৈ। আজি মৰাণৰ পথালিবামত পুলিনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। চাকৰি দিম বুলি কৈ লাখ লাখ টকা সংগ্ৰহ কৰা পুলিনৰ বাবে অলপতে ছিপাঝাৰৰ এটি পৰিয়ালে গুৱাহাটীৰ চান চিটি লজত বিহ খাই আত্মহত্যা কৰিছিল। এই সম্পৰ্কত পুলিনৰ বাবেই চাৰিজনীয়া পৰিয়ালটোৱে আত্মহত্যা কৰা বুলি চুইচাইদ নোটত লিখি থৈ যোৱাত আৰক্ষীয়ে পুলিনৰ সন্ধানত নামি পৰিছিল। আৰক্ষীৰ চাকৰিৰ পৰা নিলম্বিত পুলিনৰ গ্ৰেপ্তাৰৰ পিছত বহু নতুন নতুন তথ্য পোহৰলৈ আহিব বুলি ধাৰণা কৰা হৈছে ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment