উত্তৰ কেৰিয়াৰ পঞ্চমটো পাৰমাণৱিক বোমাৰ পৰীক্ষণ ;;স্তম্ভি বিশ্ব


যুদ্ধংদেহি মনোভাব লৈ উত্তৰ কোৰিয়াই ৰাষ্ট্ৰসংঘৰ নিষেধাজ্ঞাক অংগুণ্ঠ প্রদর্শন কৰি বিশ্ববাসীক শংকৰ মাজলৈ ঠেলি দি পঞ্চমটাে পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰিলে। পূৰ্বৰ চাৰিটা পৰীক্ষণতকৈ বৃহত্তম পাৰমাণৱিক পৰীক্ষণ হিচাপে চর্চিত পঞ্চমটােৱে ইতিমধ্যে বিশ্বজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছে। চালিত বৰ্ষত দ্বিতীয়টাে পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰা উত্তৰ কেৰিয়াৰ শাসক কিম জং উনে ৰাষ্ট্ৰসংঘৰ নিষেধাজ্ঞাক নেওচি হিৰােছিমাত আমেৰিকাই নিক্ষেপ কৰা বােমাটােতকৈও অধিক ওজনৰ পৰীক্ষণ সম্পন্ন কৰি পূৰ্বতকৈ অধিক আগ্রাসী পদক্ষেপ গ্রহণ কৰাক লৈ উদ্বিগ্নতা প্রকাশ কৰি তীব্র ভাষাৰে গৰিহণা দিছে ৰাষ্ট্ৰসংঘই। শক্তিশালী ৰাষ্ট্র আমেৰিকা যুক্তৰাষ্ট্রই এই পৰীক্ষণক ভয়াৱহ বুলি অভিহিত কৰি উত্তৰ কোৰিয়াক সকীয়নি দিছে। চুবুৰীয়া দেশ জাপানে উত্তৰ কোৰিয়াৰ পাৰমাণৱিক পৰীক্ষণক লৈ বিগত দিনছােৱাত প্রতিবাদ অব্যাহত ৰখাৰ লগতে পঞ্চমটাে পৰীক্ষণক লৈ তীব্র আপত্তি কৰিছে চীনে। ইপিনে ৰাছিয়ায়ো উত্তৰ কোৰিয়াৰ এই পদক্ষেপক গৰিহণা দি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক কঠোৰতম পদক্ষেপ ল’বলৈ আহ্বান জনাইছে।উত্তৰ কোৰিয়াৰ পিউংগী ৰি ভূগর্ভস্থত পাৰমাণৱিক পৰীক্ষণ ক্ষেত্ৰত পৰিমাণৱিক পৰীক্ষণ সম্পন্ন কৰাৰ পাছতেই ৫.৩ প্রাবল্যৰ ভূমিকম্পৰ জোকাৰণি হয়। প্ৰসংগক্ৰমে উনুকিয়াব পাৰি যে ২০০৬ চনৰ ৯ অক্টোবৰত দেশখনৰ স্থানীয় সময় মতে ৯ বজাত প্ৰথমটাে এক কিলো টন ওজনৰ পাৰমাণৱিক পৰীক্ষণ, ২০০৯ চনৰ ২৫ মে’ত ৯ বজাত ২-৪ কিলো টন ওজনৰ দ্বিতীয় পৰীক্ষণ, ২০১৩ চনৰ ১২ ফেব্ৰুৱাৰীত একে সময়ত ৬-৯ কিলো টন ওজনৰ তৃতীয়টাে পৰীক্ষণ, ২০১৬ চনৰ ৬ জানুৱাৰীত ৭-৯ কিলো টিনৰ চতুৰ্থটাে পৰীক্ষণ কৰাৰ পাছত আজি ১০-৩০ কিলো টন ওজনৰ পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰে দেশখনে। আটাইকেইটা পৰীক্ষণ পিউংগী ৰি ভূগর্ভস্থত পাৰমাণৱিক পৰীক্ষণ ক্ষেত্ৰত সম্পন্ন কৰে। উল্লেখ্য যে ১৯৪৫ চনত আমেৰিকা যুক্তৰাষ্ট্রই প্রথমবাৰৰ বাবে জাপানৰ হিৰােছিমাত প্রায় ১৫ কিলো টন ওজনৰ পাৰমাণৱিক বোমা নিক্ষেপ কৰাৰ পাছতেই ইয়াৰ ভয়াৱহতা দেখি এই বোমা পৰীক্ষণৰ ক্ষেত্ৰত নিষেধাজ্ঞা অব্যাহত আছে। এনে নিষেধাজ্ঞাৰ পাছতো কট্টৰ কমিউনিষ্ট ৰাষ্ট্র উত্তৰ কোৰিয়াই ১০-৩০ কিলো টন ওজনৰ পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰি বিশ্ববাসীলৈ অশনি সংকেত কঢ়িয়াই আনিছে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment