দীপালী বৰঠাকুৰৰ পৰিচৰ্যাৰ বাবে দুগৰাকী নাৰ্ছ নিযুক্তি



কোকিলকণ্ঠী গায়িকা দীপালী বৰঠাকুৰ আৰু তেওঁৰ স্বামী নীলপৱন বৰুৱাৰ পৰিচর্যাৰ বাবে চৰকাৰে দুগৰাকীকৈ নাৰ্ছৰ ব্যৱস্থা কৰিব। এই কথা বিশিষ্ট গায়িকাগৰাকীৰ স্বামী নীলপৱন বৰুৱাক আজি জানিবলৈ দিয়ে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে। উল্লেখ্য যে ‘নিয়মীয়া বার্তা’ৰ সংখ্যাৰ “নিয়মীয়া বার্তা’ৰ ‘প্রথম কলম” শিতানত দীপালী বৰঠাকুৰ আৰু নীলপৱন বৰুৱা সন্দৰ্ভত এটা লেখাৰে চৰকাৰৰ দৃষ্টিগোচৰ কৰিছিল। ‘শ্ৰীসর্বানন্দ সোণোৱাল আৰু ড° হিমন্ত বিশ্ব শৰ্মা সমীপেযু’ শীর্ষক ‘প্রথম কলম’ৰ লেখাটোত বৰগোহাঞিয়ে তেওঁৰ এজন বিশিষ্ট বন্ধুৰ এখন ব্যক্তিগত চিঠি প্রকাশ কৰিছিল। চিঠিখনত বর্তমান যশস্বী শিল্পী দম্পতীয়ে কিদৰে জীৱন কটাবলগীয়া হৈছে, সেই সম্পর্কিত বিতংভাৱে উল্লেখ কৰা হৈছে। বৰগোহাঞিয়ে সেই চিঠিখনৰ আংশিক উদ্ধৃতি প্রকাশ কৰাৰ লগতে দীপালী বৰঠাকুৰ আৰু নীলপৱন বৰুৱাৰ পৰিচর্যাৰ ব্যৱস্থা গ্ৰহণৰ বাবে অচিৰেই অসম চৰকাৰৰ পৰা এটা ইতিবাচক ঘোষণা শুনিবলৈ পাব বুলি আশা প্রকাশ কৰিছিল। বৰগোহাঞিয়ে ‘প্রথম কলম’ত আজি চিঠিখনৰ কিয়দংশ নীলপৱন বৰুৱাক কার্যালয়লৈ মাতি নি তেওঁলোকৰ পৰিচর্যাৰ বাবে দুগৰাকী নাৰ্ছৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে।


Share on Google Plus

About Unknown

0 comments:

Post a Comment