পেৰা অলিম্পিকত ভাৰতৰ স্বর্ণজয়;;এইপৰ্যন্ত ১০টা পদক জয়


ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ'ত বিশেষভাৱে সক্ষম হাইজাম্পত ক্রীড়াবিদৰ বাবে আয়ােজিত পেৰা অলিম্পিকত পুৰুষৰ হাইজাম্প টি-৪২ ইভেণ্টত ভাৰতৰ মাৰিয়াপ্পা থাংগাভেলুৱে স্বর্ণ আৰু বৰুণ সিং ভাইটয়ে ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হৈছে । তামিলনাডুৰ চালেম জিলাৰ ২০ বর্ষীয় মাৰিয়াপ্লাই ১.৮৯ মিটাৰ জপিয়াই ইভেণ্টটােত প্রথম স্থান অধিকাৰ কৰি দেশলৈ বহু আকাংক্ষিত স্বর্ণপদক কঢ়িয়াই আনে। মাত্র পাঁচ বছৰ বয়সতে এক বাছ দুর্ঘটনাত পতিত হৈ বাওভৰিৰ আঁঠুৰ তলৰ অংশ চিৰদিনৰ বাবে হেৰুওৱা ক্ৰীড়াবিদজনে ৰিঅ’ত লাভ কৰা এই সাফল্যৰে পেৰা অলিম্পিকত সোণৰ পদক লাভ কৰা দেশৰ তৃতীয়জন খেলুৱৈ হিচাপে ইতিহাস ৰচে। ইফালে উক্ত ইভেণ্টটােতে ভাৰতৰ বৰুণ সিং ভাঁইটীয়ে ১.৮৬ মিটাৰ জপিয়াই ব্ৰঞ্জৰ পদক অর্জন কৰিছে । উত্তৰ প্ৰদেশৰ ২১ বর্ষীয় বৰুণ সিং ভাঁইটীয়ে শিশু অৱস্থাতে পলিঅ’ত আক্রান্ত হৈ শাৰীৰিকভাৱে অক্ষম হৈছিল। মাৰিয়াপ্পা আৰু বৰুণ সিঙৰ এই সাফল্যৰ সহায়ত ভাৰতে পেৰা অলিম্পিক গেমছত পদকৰ সংখ্যা ১০টালৈ বৃদ্ধি কৰে। অলিম্পিকৰ সমান্তৰালকৈ অথবা কিছুদিন পাছত অনুষ্ঠিত এই প্রতিযোগিতাখনত ভাৰতে এইপৰ্যন্ত তিনিটা স্বর্ণ, তিনিটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হৈছে। ক্রীড়ামন্ত্রী বিজয় গোৱেলে ৰিঅ' পেৰা অলিম্পিকত স্বৰ্ণজয়ী মাৰিয়াপ্লাক ৭৫ লাখ আৰু বুৰুণ সিঙক ৩০ লাখৰ আর্থিক পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। তামিলনাডুৰ মুখ্যমন্ত্রী জয়াললিতাই নগদ দুই কোটি টকা পুৰস্কাৰ আগবঢ়াব বুলি জানিবলৈ দিছে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment