ৰাজহ সংগ্ৰহত ব্যর্থঃপাঁচ ডিটিঅ’ক নিলম্বন;;দুনীতিৰ বিৰুদ্ধে হুংকাৰ মন্ত্রী চন্দ্রমোহনৰ

ৰাজ্যৰ পৰিবহণ বিভাগ ৰাজহ সংগ্ৰহত ব্যর্থতা প্রদর্শন কৰা বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ হৈছে । পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ নির্দেশমৰ্মে কালি তাৎক্ষণিকভাৱে নিলম্বন কৰা হয় পাঁচজনকৈ জিলা পৰিবহণ বিষয়াক (ডি টি অ’)। ৫খন তালাচী চকীত বর্তমানে কাৰ্যনির্বাহ কৰি থকা ডি টি অ'কেইজনক ৰাজহ সংগ্ৰহত ব্যর্থতাৰ বাবে পোনপটীয়াকৈ জগৰীয়া কৰি নিলম্বন কৰা হয়। ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত নির্ধাৰিত লক্ষ্য পূৰণ কৰিব নােৱাৰা নিলম্বিত এই ডি টি অ’ পাঁচজন হ’ল শ্ৰীৰামপুৰ তালাচী চকীৰ আজগৰ আলী, বক্সিৰহাট তালাচী চকীৰ বুবুল গগৈ, দীঘাৰখাল তালাচী চকীৰ মুনীন দাস, কার্বি আংলং তালাচী চকীৰ ছৈয়দ আলম আৰু তিনিচুকীয়া তালাচী চকীৰ নৃপেন কলিতা। বছৰ বছৰ ধৰি বিভাগটােৱে ৰাজহ সংগ্ৰহৰ নির্ধাৰিত লক্ষ্য পূৰণৰ ক্ষেত্ৰত প্রদর্শন কৰা ব্যর্থতাত উদ্বেগ প্রকাশ কৰিছে মন্ত্রী পাটােৱাৰীয়ে। সংবাদ মাধ্যমৰে হােৱা বার্তালাপত মন্ত্রী পাটােৱাৰীৰ কয় — যান-বাহনৰ পঞ্জীয়ন, চালকৰ অনুজ্ঞাপত্ৰ নৱীকৰণ-নতুনকৈ প্রদান আদিক লৈ যাতে জনসাধাৰণে দালালৰ পাল্লাত পৰিব নালাগে, সেইটো আমি নিশ্চিত কৰিব বিচাৰিছোঁ। ৰাইজে কোনোধৰণৰ অসুবিধা নোপোৱাকৈয়ে এইবোৰ সেৱা লাভ কৰিব লাগিব।”
Share on Google Plus

About Unknown

0 comments:

Post a Comment