আজি সন্ধিয়াৰ মুখ্য বাতৰি সমূহ::



(১) উৰি পাথানকোট কাণ্ডৰ প্ৰতিশোধ। মাজনিশা পাক্ অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ ভাৰতীয় সেনাৰ। উত্‍‍খাত ৭ শিবিৰ, নিহত অৰ্ধশতাধিক সন্ত্ৰাসবাদী।
(২) RSS-এ তৰা গোচৰত গুৱাহাটীৰ CJM ক’ৰ্টত হাজিৰ কংগ্ৰেছৰ উপ-সভাপতি ৰাহুল গান্ধী। PR বণ্ডত মুকলি হৈ ৰাহুল গান্ধীয়ে ক’লে এনে গোচৰক মই ভয় নকৰো।
(৩) দিল্লীৰ পৰা গুৱাহাটীলৈ আহিল কায়ুম পেগুৰ মৃতদেহ। বৰঝাৰ বিমানবন্দৰত শোকাকুল পৰিস্থিতি। মাতাল উবেৰচালকৰ বাবে ইতিহাস হ’ল প্ৰতিশ্ৰুতি সম্পন্ন প্ৰতিভা কায়ুম।
(৪) নাৰী সৰবৰাহৰ সন্দেহত যুৱতীক নিৰ্মম প্ৰহাৰ মৰেল পুলিচৰূপী মহিলাৰ। বৰ্বৰোচিত আক্ৰমণত সংকটজনক অৱস্থা যুৱতীগৰাকীৰ।
(৫) ৰাজ্যৰ নিবনুৱাৰ বাবে আনন্দৰ সংবাদ। অসম আৰক্ষীত ৪ হাজাৰ পদত অতিশীঘ্ৰে হ’ব নিযুক্তি। ৩০০ সহকাৰী উপ-পৰিদৰ্শক নিযুক্তিৰ ঘোষণা ডিজিপি মুকেশ সাহাইৰ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment