আই এছ এলৰ উদ্বোধনী অনুষ্ঠানৰ লগতে প্ৰতিখন মেচ আৰক্ষীৰ কটকটীয়া সুৰক্ষাৰ মাজত গুৱাহাটীত অনুষ্ঠিত হ’ব। অসম আৰক্ষী অহা ১ অক্টোবৰত সৰু সজাইৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী মেচৰ বাবে ইতিমধ্যে সষ্টম হৈছে । আৰক্ষীয়ে সদৰী কৰা অনুসৰি তিনি তৰপীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আই এছ এলৰ উদ্বোধনী অনুষ্ঠান আৰু মেচসমূহ অনুষ্ঠিত হ’ব। ভি ভি আই পি, খেলুৱৈ, দর্শকৰ সুৰক্ষাৰ দায়িত্বত ষ্টেডিয়ামৰ ভিতৰত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাৰ উপৰি ষ্টেডিয়ামৰ চৌহদৰ চাৰিওদিশে সুৰক্ষা কর্মী মোতায়েন থাকিব। ষ্টেডিয়ামৰ কিছু নিলগত আন এক সুৰক্ষা বেষ্টনী গঢ়ি তোলা হ’ব । দর্শকে বেগ, পানীৰ বটল, গুটুখাজাতীয় সামগ্ৰী ষ্টেডিয়ামৰ ভিতৰলৈ নিব নােৱাৰিব। বেটাৰিযুক্ত সামগ্ৰীও ষ্টেডিয়ামৰ ভিতৰলৈ নিয়াটাে নিষিদ্ধ। অৱশ্যে ম'বাইল ফোন ভিতৰলৈ নিয়াৰ অনুমতি থাকিব। সুৰক্ষাৰ খাতিৰত আৰক্ষীয়ে প্রয়োজনীয় তালাচী চলাবও পাৰে । উল্লেখ্য যে মহানগৰীত আই এছ এলৰ উদ্বোধনী অনুষ্ঠানৰ লগতে পাঁচখন মেচ অনুষ্ঠিত হ’ব।
Home / আই এছ এল
/ গুৱাহাটীৰ আই এছ এলত আৰক্ষীৰ তিনিতৰপীয়া নিৰাপত্তা::ষ্টেডিয়ামত নিষিদ্ধ বেগ-বটল-গুটুখা
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment