বৰপেটাৰোডত ভূপেনদাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কামৰ শুভাৰম্ভ :: বাজেট ২৫ লাখ টকা

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ এটি প্ৰতিমূৰ্তি বৰপেটাৰোডত স্থাপন কৰা হব। প্ৰায় ২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হব লগীয়া প্ৰতিমূৰ্তি নিৰ্মাণৰ কামৰ আজি শুভাৰম্ভ কৰে বিধান সভাৰ অধ্যক্ষ ৰনজিৎ দাসে। লগতে সুধাকন্ঠৰ জন্ম দিৱসো  আজি বৰপেটাৰোড সাহিত্য সভাৰ উদ্যোগত পালন কৰা হয়। এই উপলক্ষে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ভাঃ সভাপতি দেৱৰাজ ছেত্ৰীয়ে। সুধাকণ্ঠৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি তৰ্পন কৰে বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকৰে। বিধান সভাৰ অধ্যক্ষ ৰনজিৎ কুমাৰ দাসে ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্থাপনৰ কামৰ শুভাৰম্ভণি কৰি তেখেতক ভাৰতৰত্ন দিব লাগে বুলি দাবী জনায়। অনুষ্ঠানত ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ ডেভিদ লেজাৰ, পৌৰ সভাৰ সভানেত্ৰী সবিতা দেৱনাথ, উপ-পৌৰপতি ফুলেন দাসৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment