ভাৰতৰ 'জেমচ বণ্ড':: সেনাৰ চাৰ্জিকেল ষ্ট্ৰাইক'ৰ মূখ্য খনিকৰ

পাক অধিকৃত কাশ্মীৰত ভাৰতীয় সেনাৰ ' চাৰ্জিকেল ষ্ট্ৰাইক ' ৰ এজন প্ৰধান খনিকৰ হৈছে  প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মি : অজিত ডোভাল যাক আখ্যা দিয়া হয় ভাৰতৰ ' জেমচ বণ্ড' বুলি ।
আৰ্মি চিফ জেনেৰেল দলবিৰ চিং চুহাগৰ সৈতে মিলি যোৱাবছৰৰ জুন মাহত ম্যানমাৰত চলোৱা এনেধৰণৰ চাৰ্জিকেল অপাৰেচনতো মুখ্য ভূমিকা লৈছিল।
তেওঁৰ বিষয়ে জানিবলগীয়া দুটামান কথা ।
১)  জন্ম : ২০ জানুৱাৰী ,১৯৪৫ , উত্তৰাখণ্ড , ১৯৬৮ চনত অৰ্থনীতি বিভাগৰ স্নাতকোত্তৰত আগ্ৰা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম স্থান । এজন অৱসৰপ্ৰাপ্ত  আই পি এচ বিষয়া যিজনে 'ইনটেলিজেন্ছ ব্যুৰেউ' ৰ দাইৰেক্টৰ হিচাপে ২০০৫ চনত অৱসৰ লয় ।
২) ১৯৮৪ চনত অমৃতচৰৰ স্বৰ্ণ মন্দিৰত  কৰা  'অপাৰেচন ব্লু ষ্টাৰ ' ত তেওঁ ৰিকচাৱালাৰ ভেশত পাকিস্তানী হিচাপে  প্ৰবেশ কৰি খালিষ্টানি উগ্ৰপণ্ঠীৰ পৰা অত্যন্ত জৰুৰী খবৰ গোপনে আনিবলৈ সক্ষম হৈছিল
৩) ' আন্দাৰকভাৰ এজেণ্ট' হিচাপে পাকিস্তানত সাত বছৰ কাল সময় কটাইছিল ।
৪)  ১৯৯৯ চনত ইন্দিয়ান এয়াৰলাইনচৰ বিমান আই চি - ৮১৪  যিখন কান্দাহাৰলৈ হাইজেক কৰা হৈছিল তাৰ  হাইজেকাৰৰ সৈতে হোৱা আলোচনাত প্ৰধান ভূমিকা।
৫) ২০১৪ চনত  ৪৬ গৰাকী নাৰ্চক আইচিচ ৰ হাতৰ পৰা নিৰাপদে ইৰাকৰ পৰা ভাৰতলৈ ওভতাই অনাত মুখ্য ভূমিকা
……
( আৰু বহুতো আছে ,উৎস: ইণ্টাৰনেট )
যুগুতালে::: বিজু শৰ্মা।
Share on Google Plus

About Unknown

0 comments:

Post a Comment