আইছিছৰ যৌন দাসীক নিযুক্তি দিয়া হৈছে ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি হিচাপে

Brave Nadia Murad spoke to the UN and to Cairo university students about her ordeal
আইছিছৰ এগৰাকী প্রাক্তন যৌন দাসীক ৰাষ্ট্ৰসংঘৰ ড্রাগছ আৰু অপৰাধ কার্যালয় (ইউএনঅ’ডিচি)ৰ সদ্ভাৱনা প্রতিনিধি হিচাপে নিযুক্তি দিয়া হৈছে আইছিছৰ এগৰাকী প্রাক্তন যৌন দাসীক ।মধ্যপ্রাচ্যৰ দূর্ধর্ষ সন্ত্রাসবাদী সংগঠন আইছিছৰ ঘাটিত নাদিয়া মুৰাড নামৰ এই মহিলাগৰাকীয়ে তিনি মাহ ধৰি যৌন দাসী হিচাপে দুর্বিষহ জীৱন পাৰ কৰিবলগীয়া হৈছিল। ন’বেল বঁটাৰ বাবে মনোনীত হােৱা ২৩ বছৰীয়া য়াদিজি মহিলা নাদিয়াই দুবছৰ পূর্বে ছদ্ম নামেৰে কোনো মতে সন্ত্রাসবাদীৰ জালৰ পৰা পলাই আহিবলৈ সক্ষম হৈ সমগ্ৰ বিশ্বৰ নেতৃবৰ্গৰ বাবে এক বার্তা প্ৰেৰণ কৰিছিল। এই বার্তা আছিল দুর্ধর্ষ সংগঠনটোৱে নির্দিষ্ট ধর্মীয় সম্প্রদায়ক লক্ষ্য হিচাপে লৈ গণহত্যা চলাই গৈছে। গতিকে সংগঠনটোৰ বিৰুদ্ধে সকলোৱে একত্ৰ হ’ব লাগে। উল্লেখনীয় যে ইৰাকী মহিলা নাদিয়া মুৰাডিক ২০১৪ চনৰ আগষ্টত তেওঁৰ গৃহ গাঁও ছিমজাৰৰ ক’চোৰ পৰা আইছিছে বলপূর্বকভাৱে উঠাই লৈ গৈছিল আৰু ইয়াৰ পিছতেই প্রথমে ইছলাম ধৰ্মলৈ ধর্মাপ্তিৰকৰণ কৰা হৈছিল। পৰৱর্তী সময়ত চলাই গৈছিল পাশৱিক শাৰীৰিক নির্যাতন। কিন্তু তিনি মাহৰ জীৱন পাৰ কৰাৰ পাছত মছুলৰ পৰা মুছলমান পৰিয়াল এটাৰ সহায়ত ইৰাকী কুর্দিস্তানৰ সীমান্ত অতিক্ৰম কৰি পলাবলৈ সক্ষম হৈছিল নাদিয়া। সম্প্রতি জার্মানীত আশ্রয়লৈ থকা নাদিয়াক আজি ইউএনঅ’ডিচিৰ মানৱ সৰবৰাহৰ সদ্ভাৱনা প্রতিনিধি হিচাপে নিযুক্তি দিয়া হয়।




Share on Google Plus

About Unknown

0 comments:

Post a Comment