সংবাদমেলৰ পৰা বহিষ্কাৰ ভাৰতীয় সাংবাদিকক:::পাকিস্তানৰ অভব্য আচৰণ


Pakistan's Foreign Secretary Aizaz Ahmad Chaudhary. PHOTO: FILE
নিউয়র্কত এখন সংবাদমেলত খোদ পাকিস্তানৰ বিদেশ সচিব আইজাজ আহমেদ চৌধুৰীয়ে অত্যন্ত অভব্য আচৰণ কৰে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিৱেশনলৈ যোৱা সচিবগৰাকীয়ে এখন সংবাদমেলৰ আয়োজন কৰে। উক্ত সংবাদমেললৈ যোৱা ভাৰতৰ বেচৰকাৰী টিভি চেনেল এন ডি টিভিৰ সাংবাদিক নম্রতা ব্ৰাৰক পোনপটীয়াভাৱে ওলাই যাবলৈ আদেশ দিয়ে আইজাজ আহমেদ চৌধুৰীয়ে। তেওঁ উর্দু ভাষাত কয়— ইছ ইণ্ডিয়ানকে নিকালো” (এই ভাৰতীয়ক উলিয়াই দিয়ক)। এই সংবাদমেলত পাক প্রধানমন্ত্রী নৱাজ শ্বৰীফে বক্তব্য দাঙি ধৰে। উৰিৰ ঘটনাক লৈ শ্বৰীফ যাতে কোনাে প্রশ্নৰ সন্মুখীন হৈ বিব্রত হ’বলগীয়া নহয়, তাৰ কাৰণেই সংবাদমেলৰ পৰা ভাৰতীয় সাংবাদিকক বহিষ্কাৰ কৰা হয়।
Share on Google Plus

About Unknown

0 comments:

Post a Comment