মাজুলী সমস্যাৰ সাগৰ নহয়, ই সম্ভাৱনাৰ বিশাল আকাশ :: মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি মাজুলীক জিলা হিচাবে ঘোষণা কৰে। এই সম্পৰ্কত তেওঁ কয়--মাজুলী মাথোঁ সমস্যাৰ সাগৰ নহয়, ই হৈছে সম্ভাৱনাৰ আকাশ ৷ মাজুলী  হৈছে আধ্যাত্মিক জ্ঞানৰ তীৰ্থ ভূমি৷ সমগ্ৰ অসমবাসী ৰাইজৰ গভীৰ শ্ৰদ্ধা আৰু আদৰৰ ঠাই মাজুলীক জিলালৈ উন্নীত কৰাৰ মহান কাৰ্য সফল কৰাৰ আৰত আছে সৰ্বসাধাৰণ ৰাইজৰ আশীৰ্বাদ আৰু সহযোগ ৷ ৰাইজৰ এই আশীৰ্বাদ আৰু আমাৰ কঠোৰ পৰিশ্ৰমে অনাগত দিনত মাজুলীক এক নতুন দিগন্তৰ দিশে অগ্ৰসৰ কৰাব ৷
Share on Google Plus

About Unknown

0 comments:

Post a Comment