প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ শাসনকালত মায়ঙৰ হাতীমূৰীয়াত চৰকাৰী মাটি বেদখল কৰা সন্দেহজনক নাগৰিকক শীঘে ৰাজ্য চৰকাৰে উচ্ছেদ কৰাৰ সিদ্ধান্ত লৈছে-- এই কথা সদৰী কৰিছে মন্ত্রী ড:হিমন্ত বিশ্ব শৰ্মাই। মন্ত্রী শৰ্মাই কয় যে মায়ঙৰ উক্ত অঞ্চলৰ চৰকাৰী মাটি যিসকলে বেদখল কৰি আছে, তেওঁলোকক চৰকাৰৰ ফালৰ পৰা সেই স্থান ত্যাগ কৰিবলৈ সময় দিয়া হৈছে। তৎসত্ত্বেও তেওঁলোকে মাটি এৰি দিয়া নাই। এই প্ৰসংগতে উচ্ছেদিত লোকক বর্তমানৰ চৰকাৰখনে সময় নিদিয়া বুলি কংগ্ৰেছে অনা অভিযোেগৰাে যোগ্য প্রত্যুত্তৰ দিয়ে শৰ্মাই। তেওঁ আনকি মায়ঙৰ বেদখলকাৰীসকলে চৰকাৰী ভূমি ত্যাগ কৰিবলৈ কিমান সময় লাগিব সেই সন্দৰ্ভত চৰকাৰক জনাবলৈ কংগ্ৰেছক আহ্বান জনায়। মন্ত্রী শৰ্মাই ৰাজ্যৰ সত্ৰসমূহত চলা বেদখল উচ্ছেদ কার্য চলোৱাৰ ক্ষেত্ৰত নির্বাচনী প্রতিশ্রুতি অনুসৰি চৰকাৰ আগবাঢ়িব বুলি জানিবলৈ দিয়ে ।ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰাৰ ধৃষ্টত চৰকাৰৰ নাই বুলি উল্লেখ কৰি শৰ্মাই কয় যে চৰকাৰে ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিতহে উচ্ছেদ অভিযান চলাব ।
Home / বেদখলকাৰী
/ মায়ঙৰ হাতীমূৰীয়াটো বেদখলকাৰীৰ বিৰুদ্ধে চলিব উচ্ছেদ অভিযান:: মন্ত্রী ড:হিমন্ত বিশ্ব শৰ্মা
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment