ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিতহে চৰকাৰৰ কাজিৰঙাত উচ্ছেদ অভিযান:: ড° হিমন্ত বিশ্ব শৰ্মা


Image result for himanta biswa sarma

অসম সচিবালয়ৰ নিজা কার্যালয় কক্ষত মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি আহ্বান কৰা এখন সংবাদ মেলত মন্ত্রী শৰ্মাই কয় যে ন্যায়ালয়ে ২০১৫ চনতে কাজিৰঙাৰ গাঁওকেইখন উচ্ছেদ কৰিব লাগে বুলি ৰায় দিছিল। ন্যায়ালয়ে দিয়া ৰায়দানত লগতে উল্লেখ কৰিছিল যে বান্দৰডুবি, পালখোৱা আৰু দেওচুৰচাং অঞ্চল কাজিৰঙাৰ অন্তর্গত। তদুপৰি এই অঞ্চলকেইটা ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ-জন্তুৰ অহা-যোৱা পথ। সেই জীৱ-জন্তু আৰু উদ্যানখনৰ স্বর্থত অঞ্চলকেইটাত উচ্ছেদ চলোৱাৰ নির্দেশ দিছিল ন্যায়ালয়ে। কিন্তু ন্যায়ালয়ৰ সেই নির্দেশৰ পাছত পূৰ্বৰ গগৈ নেতৃত্বাধীন চৰকাৰখনে উচ্ছেদৰ পৰিৱর্তে চলিত বৰ্ষত যোৱা বিধানসভাৰ নিৰ্বাচনৰ ঠিক আগে আগে বিজুলীৰ যোগান, বাট-পথ নির্মাণ, বিদ্যালয় নির্মাণ আদিৰে ন্যায়ালয়ক অংগুষ্ঠ প্রদর্শন কৰিলে। এনে কার্যৰে ন্যায়ালয়ক গগৈয়ে অৱমাননা কৰা বুলি উল্লেখ কৰি শৰ্মাই কয় যে অসমত কংগ্ৰেছ চৰকাৰে কি ধৰণে কাম কৰিছিল সেয়া সপোনৰো অগোচৰ।। ন্যায়ালয়ৰ নির্দেশক ৰাইজৰ পৰা অন্ধকাৰত ৰাখি প্রকৃততে কাজিৰঙাৰ উক্ত অঞ্চলৰ বসতিপ্রধান জনগোষ্ঠীটােৰ মানুহখিনিক ৰূপহী, লাহৰীঘাটৰ দৰে উজনি অসমত সংখ্যাগৰিষ্ঠতাৰে প্ৰতিপত্তি বিস্তাৰৰ সূক্ষ্ম পৰিকল্পনা কৰিছিল গগৈয়ে। কিন্তু জাতি-মাটি-ভেটিক লৈ বর্তমানৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে আপোচ নকৰাৰ বাবেই ন্যায়ালয়ৰ ৰায় আৰু বিজেপিয়ে দিয়া নির্বাচনী প্রতিশ্রুতি পালন কৰা বুলি শৰ্মাই মন্তব্য কৰে। সংবাদ মেলত মন্ত্রী শৰ্মাই দাঙি ধৰা তথ্য মতে উচ্ছেদিত অঞ্চলকেইটাত ৩৫-৩৬টা পৰিয়ালৰ ম্যাদী মাটিও আছিল। বাকীখিনিয়ে চৰকাৰী মাটি বেদখল কৰি আছিল। সাংবাদিকৰ এক প্রশ্নৰ উত্তৰত মন্ত্রী শৰ্মাই কয় যে ন্যায়ালয়ে উচ্ছেদৰ ৰায়দান কৰাৰ পাছতে গাঁওকেইখনে মিলি এখন কমিটী গঠন কৰিছিল। কমিটীখন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়টোক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। কিন্তু উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ আবেদন খাৰিজ কৰে। ইয়াৰ পৰৱতী সময়ত তেওঁলোক পুনৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় যদিও সেইবাৰাে ন্যায়ালয়ে আবেদন খাৰিজ কৰে। আনকি কালিৰ দিনটােতো কমিটীখন উচ্চ ন্যায়ালয়ৰ কাষ চাপে যদিও ন্যায়ালয়ে পুনৰ আবেদন নাকচ কৰে। তেনেক্ষত্ৰত ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰাৰ ধৃষ্টত চৰকাৰৰ নাই বুলি উল্লেখ কৰি শৰ্মাই কয় যে চৰকাৰে ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিতহে উচ্ছেদ অভিযান চলায়।
Share on Google Plus

About Unknown

0 comments:

Post a Comment