বিধান সভাৰ অধ্যক্ষৰ মহানুভৱতা::: এক অনন্য নিদৰ্শন


মানুহজনৰ নাম, ঠিকনা কোনেও ভালদৰে নাজানে। অথচ বৰপেটাৰোড পৌৰ সভালৈ অহা প্ৰতিজন লোকেই এই মানুহজনক দেখিছে। কাৰ্য্যালয় গৃহৰ গেটৰ সন্মুখত সদায় ঠিয় হৈ নতুবা বহি থাকে মানুহজন। ডিঙিত ওলমি থাকে বিজেপিৰ পতাকাৰ মালা। পুৱা ন মান বজাতে আহি কাৰ্য্যালয়ৰ সন্মুখ ভাগত ঝাড়ু মাৰি চাফা কৰি লয়। কাকো মুখেৰে একো নকয়, সুধিলেও একো নকয়। আনকি  কৰ্মচাৰী বা কোনোবাই  কিবা  দিলেও একো নলয়। শীত কালত মানুহজনে পিন্ধি লয় এটি আৰ্মিৰ জেকেট। কাকো কেতিয়াও ডিৰ্ষ্টাব নিদিয়া এইজন মানসিক বিকাৰ গ্ৰস্থ লোকে আজি প্ৰায় ডেৰ বছৰ ধৰি এনেদৰেই দিনবোৰ পাৰ কৰি আহিছে পৌৰ সভা চৌহদত। কাৰ্য্যালয় ছুটী হলেই তেওঁও নোহোৱা হয় পৌৰ সভাৰ চৌহদৰ পৰা।
       আজি স্বাধীনতা দিৱসৰ দিনাও  ঠিক অইন দিনাৰ দৰে ভিতৰৰ মুখ্য  গেটৰ সন্মুখত ঠিয় হৈ থাকিল মানুহজন। দিনৰ বাৰ মান বজাত পৌৰ সভালৈ আহিল অসম বিধান সভাৰ অধ্যক্ষ তথা স্থানীয় বিধায়ক ৰনজিৎ কুমাৰ দাস। অইন দিনাৰ দৰে মুখামুখি হল মানুহজনৰ। ৰৈ গল অধ্যক্ষ । আৰু সকলোকে আচৰিত কৰি অধ্যক্ষই নিজৰ ডিঙিত থকা ফুলাম গামোচা খনি মানুহজনক পিন্ধাই দি কৰমৰ্দন কৰিলে। অধ্যক্ষই কিবা কলেও যদিও একোৱে নকলে মানুহজনে। মাথো চাই ৰল অধ্যক্ষলৈ। চকুত মাথো বিৰিঙি উঠিছিল এক সন্তুষ্টিৰ আভা।
   স্বাধীনতা দিৱসৰ দিনা বিধান সভাৰ সাংবিধানিক মূৰৰ্বী জনৰ এনে মহানুভৱতাই উপস্থিত সকলোৰে অন্তৰ চুই গল। তেখেতৰ কৰ্মই যেন কৈ গ'ল----Yes, You are really something different ,,,, Respected Speaker Sir....

Share on Google Plus

About Unknown

1 comments:

  1. Ai manu jonor gor jhakli bill pathar. Barpeta road.

    ReplyDelete