দৰঙৰ উপায়ুক্তৰ কাৰ্যালয়ত মুখ্যমন্ত্রী তদাৰকী কোষৰ অভিযানত কালি আটক হয় সহকাৰী প্রকল্প বিষয়াসহ দুজন। পল্লৱ শাণ্ডিল্য নামৰ যুৱক এজনে দেওমৰনৈ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্রেণীকোঠা নির্মাণ সম্পৰ্কীয় সাংসদ উন্নয়ন পুজি আঁচনিৰ পৰা পাবলগীয়া ধনৰ লেনদেনক লৈ কৰা চাৰিজনীয়া দলে প্রায় ৫০ মিনিট দৰঙত দুনীতিগ্রস্ত সহকাৰী প্রকল্প বিষয়াসহ আটক ২ সময় চলোৱা অভিযানৰ অন্তত সহকাৰী প্রকল্প বিষয়া বিবি সিং আৰু ঠিকাদাৰ অজয় বর্মনক আটক কৰি পোনতে মঙলদৈ থানা আৰু পিছলৈ চিকিৎসালয়লৈ নি আদালতৰ যোগেদি নিজৰ জিন্মাত লয় অভিযানকাৰী দলটোৱে। এই সন্দৰ্ভত পল্লৱ শাণ্ডিল্যই সদৰী কৰা মতে, তেওঁ দেওমৰনৈ বালিকা উচ্চ মাধ্যমিকৰ ২০ লাখ টকীয়া এক সাংসদ পুজিৰ অনুদানৰ দ্বিতীয় পর্যায়ৰ আঠ লাখ টকাৰ প্রায় পাঁচ লাখ টকাৰ কাম সমাপন কৰিছিল। ইতিপূর্বে ২০১০-১১ বিত্তীয় বৰ্ষৰ আঁচনিখনৰ প্রথম পর্যায়ৰ কাম স্থানীয় এগৰাকী নেতাই সম্পাদন কৰিছিল যদিও সময়ত ভিন্ন বাদ-বিবাদ, নিম্নমানৰ কাম আৰু মেৰামতি কৰিয়েই বৃহৎ অংকৰ ধন সৰকোৱাৰ অভিযোগৰ বাবে গৃহ নিৰ্মাণ সমিতি সলনি হয় আৰু পল্লৱে শেষাংশ সমাপ্ত কৰিবলৈ আগবাঢ়ে। কিন্তু নির্মাণৰ ধনক লৈ এ পি আই (সহকাৰী প্রকল্প বিষয়া) ৩৫ হাজাৰ টকা দাবী কৰাৰ অভিযোগ দিয়ে মুখ্যমন্ত্রীৰ দুনীতি নিবাৰক আৰু তদাৰকী কোষত। যাৰ বাবে কালিয়েই এই শাখাৰ কৰ্মচাৰী মঙলদৈত প্রৱেশ কৰি আজি অভিযান চলায়। অভিযান কালত অজয় বৰ্মনৰ হাতৰ পৰা ১৫ হাজাৰ টকা উদ্ধাৰ কৰে বুলি খোদ অজয়ে প্রকাশ কৰিছে। তদাৰকী কোষৰ জিন্মাত সিঙে বিষয়টো অস্বীকাৰ কৰে আৰু তেওঁ কাৰে হাতৰ পৰা ধন লোৱা নাই, এইক্ষেত্ৰত প্রমাণ দিব লাগিব বুলি সজোৰে দাবী তোলে। শেহতীয়াভাৱে তদাৰকী কোষৰ জিন্মাত থকা সিঙৰ ভাৰাঘৰৰ কোঠাত তালাচী চলাই নগদ এক লাখ টকা, ৫টাকৈ একাউণ্ট বুকসহ দুখন থুমৰি জব্দ কৰিছে। তদাৰকী শাখাৰ অভিযান অব্যাহত আছে আৰু সমগ্র বিষয়টো ক্ৰমাৎ ৰহস্যজনক হৈ পৰিছে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment